Saturday , January 18 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / গুৱাহাটীৰ হেপীচাইল্ড হাইস্কুলৰ তৰফৰ পৰা বান সাহাৰ্য্য বিতৰণ হাজোৰ গোসাই গাৱত

গুৱাহাটীৰ হেপীচাইল্ড হাইস্কুলৰ তৰফৰ পৰা বান সাহাৰ্য্য বিতৰণ হাজোৰ গোসাই গাৱত

গুৱাহাটীৰ হেপীচাইল্ড হাইস্কুলৰ তৰফৰ পৰা বান সাহাৰ্য্য বিতৰণ হাজোৰ গোসাই গাৱত ।

পঙ্কজ নাথ, চাংসাৰি, ১২ আগষ্ট :

ৰাজ্যৰ প্ৰলয়ংকাৰী বানত সৰ্বস্বান্ত হল হাজাৰ হাজাৰ জনতা। কাৰোবাৰ ভেটি উছন হোৱাৰ বিপৰীতে কাৰোবাৰ উছন হল খেতি মাটি ভেটি আদি সৰ্বস্ব। এই সৰ্বহাৰা বানাক্ৰান্তক চৰকাৰে যি সহায় ও বান সাহাৰ্য্য প্ৰদান কৰিব লাগিছিল সেয়া কৰিবলৈ সক্ষম নহল চৰকাৰ প্ৰশাসন। যাৰবাবে মুখ্যমন্ত্ৰী বান সাহাৰ্য পুঁজিলৈ আগবঢ়ালে বহুতে টকা পইচা কিম্বা অন্যান্য সা সামগ্ৰী। বিভিন্ন দল সংগঠনে থিয় হল বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ। ইয়াৰ পৰিপ্ৰেক্ষিততে ১০ আগষ্ট শণিবাৰে গুৱাহাটীৰ ৰিহাবাৰী স্হিত “হেপীচাইল্ড” হাইস্কুলৰ তৰফৰ পৰা এটি দলে হাজো সমষ্টিৰ অন্তৰ্গত গোসাঁই গাৱত বানপীড়িত লোক সকলৰ মাজত ঔষধ, বাচন-বৰ্তন আৰু শিশু সকলৰ বাবে পুস্তিকৰ খাদ্য বিতৰণ কৰি সেইসকল বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াই ৷ হাইস্কুল খনৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সহ ৩০ জনীয়া দলটিয়ে কণ_কণ ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ্থে কাগজ কলম আদি শিক্ষণ সামগ্ৰী বিতৰণ কৰে সেই অঞ্চলত ৷ বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী স্বপ্নালী দত্ত বৰা নেতৃত্বত যোৱা দলটিয়ে বানপীড়িত লোক সকলৰ সাহায্য প্ৰদান কার্যসূচীত বিশেষ ভাৱে সহায় আগবঢ়ােৱা স্থানীয় গাওঁবুঢ়া , উদীয়মান যুৱক-যুৱতী সকলক ধন্যবাদ জ্ঞাপন কৰে। ঠিক তেনেদৰে উক্ত অঞ্চলৰ লোক সকলেও হেপীচাইল্ড হাইস্কুলৰ দ্বাৰা লোৱা এই পদক্ষেপক যথেষ্ট শলাগ লৈছে বুলি জানিব পৰা গৈছে।

About Staff Reporter

চাব পাৰে

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়ক- ইছলামী সাহিত্য সভা-জে এন ইউ কাণ্ডৰ বিৰোধিতা

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়কৰ লগতে ইছলামী সাহিত্য সভা আৰু জে এন …

Leave a Reply

Your email address will not be published. Required fields are marked *