Saturday , January 25 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / গুৱাহাটী আইএছবিটিত দুৰ্বৃত্তই চাহৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই কেন্দুকোনাৰ ঘাইপথৰ দাঁতিত পেলাই থৈ লুটি নিলে সোনৰ আঙুঠি

গুৱাহাটী আইএছবিটিত দুৰ্বৃত্তই চাহৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই কেন্দুকোনাৰ ঘাইপথৰ দাঁতিত পেলাই থৈ লুটি নিলে সোনৰ আঙুঠি

*গুৱাহাটী আইএছবিটিত দুৰ্বৃত্তই চাহৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই কেন্দুকোনাৰ ঘাইপথৰ দাঁতিত পেলাই থৈ লুটি নিলে সোনৰ আঙুঠি, ম’বাইলসহ,নগদ ধন*

প্ৰতিবেদক, ৰঙিয়া , ১৩ জানুৱাৰীঃ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুকোনাৰ ওচৰত গুৱাহাটী লালমাটিৰ বাসিন্দা তথা সৰ্থেবাৰীৰ এখন হাইস্কুলৰ সহকাৰী শিক্ষক মিন্ময় দাস(৩৬)ক আজি দুৰ্বৃত্তই নিচাযুক্ত দ্ৰব্য খুৱাই সোনৰ আঙুঠি, লগত থকা ম’বাইল, এটিএম কাৰ্ড, পানকাৰ্ড সহ নগদ ধনকে ধৰি সকলো বয়বস্তু লুট কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি মিন্ময় দাসে আজি পুৱা ভাগত তেওঁৰ বিভাগীয় কামৰ বাবে বৰপেটালৈ বুলি বাছ আস্থান গুৱাহাটীৰ আইএছবিটিত উপস্থিত হয়।তাৰ পিছত বৰপেটা অভিমুখী বাহনৰ সন্ধানত থকাৰ সময়তে এখন মাৰুতি এল্ট’ গাড়ী আহি তেওঁৰ কাষত ৰয়হি ৷ এল্ট’খনৰ চালকজনে মিন্ময় দাসক ক’ত যাব বুলি সোধাত দাসে বৰপেটালৈ যোৱাৰ বাবে তেনেদৰে ৰৈ থকা বুলি জনায় ৷ লগে লগে এল্ট’ৰ চালকজনে তেওঁ যিহেতু বৰপেটালৈ যাব সেয়ে তেওঁৰ লগতে একেলগে যাব পাৰিব বুলি মিন্ময় দাসক জানিবলৈ দিয়ে ৷ এল্ট’ৰ চালকজনৰ কথা শুনি মিন্ময় দাসে গাড়ীৰ ভিতৰত বহে ৷ ইতিমধ্যে গাড়ীখনৰ ভিতৰত তিনিগৰাকী যাত্ৰী বহি আছে । এল্ট’ৰ চালকজনে এইবাৰ কাষৰ আসনত বহি থকা এজন যুৱকক নাতিদূৰৈত পদপথৰ ওপৰত চাহ বিক্ৰী কৰি থকা দোকান এখন দেখুৱাই তাৰ পৰা চাৰি কাপ চাহ লৈ আনিবলৈ দিলে ৷ চাহ অনাৰ পিছত এল্ট’ৰ চালকজনে সকলোৱে একাপ একাপ চাহ খাই লব দিয়ে ৷ পিছত এল্ট’খনৰ ভিতৰত পূৰ্বৰে পৰা বহি থকা যুৱক সহ তেৱোঁ গাড়ীৰ ভিতৰতে বহি চাহ খাবলৈ ধৰে ৷ ইমানলৈ সকলো ঠিকেই আছিল যদিও চাহ খোৱাৰ এক-ডেৰ ঘন্টা পিছত ৰঙিয়া কেন্দুকোনাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৰ্ধচেতন অৱস্থাত স্থানীয় ৰাইজে মিন্ময় দাসক উদ্ধাৰ কৰাত সমগ্ৰ ঘটনাটো যে অন্য ৰকমৰ সেয়া ৰহস্যৰ সৃষ্টি কৰে ৷ ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে মিন্ময় দাসে দীৰ্ঘ সময় ধৰি ঘাইপথৰ দাঁতিত বহি থাকি কিছুপৰ পিছত উঠি তেওঁ তলং ঢপং কৈ নিচাগ্ৰস্ত লোকৰ দৰে খোজ কাঢ়ি গৈ আছিল ৷ তেনে সময়তে স্থানীয় লোকে মিন্ময় দাসক দেখি সোধা পোছা কৰাত তেওঁ কথাবোৰ ভালকৈ কব নোৱাৰাত, লগতে শাৰিৰীক অসুস্থতা দেখি ততাতৈয়াকৈ ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ নি ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে ৷ ৰঙিয়াত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ হাস্পটাললৈ প্ৰেৰণ কৰে ৷ চিকিৎসকৰ মতে তেওঁক বেছি পৰিমাণৰ ড্ৰাগছ সেৱন কৰোৱা হৈছে, যাৰ ফলত সম্পূৰ্ণকৈ সুস্থ হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব ৷ ঘটনা সন্দৰ্ভত সন্দেহ কৰা মতে এল্ট’খনৰ চালক আৰু যাত্ৰীৰূপী তিনি দুৰ্বৃত্তই দাসৰ চাহৰ লগত নিচাযুক্ত দ্ৰব্য মিহলাই খুওৱাৰ ফলতে মিন্ময় দাসে অচেতন হৈ পৰে ৷ পিছত দুৰ্বৃত্তই দাসৰ পৰা সমুদায় ধন, সোনৰ আঙুঠি, ম’বাইল ফোন, এ টি এম কাৰ্ড, পানকাৰ্ড সহ সমস্ত লুট কৰি তেওঁক কেন্দুকোনাৰ সমীপৰ ঘাইপথত পেলাই থৈ যায়। উল্লেখ্য যে যোৱা ২১ ডিচেম্বৰত ৰঙিয়া সদৰ থানাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ভাতকুছিত ‘দৈনিক জনমভূমি’ কাকতৰ মেচিন ষ্টাফ জিয়াউল হকক পুৱতি নিশা দুৰ্বৃত্তই চাহৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই লগত থকা ম’বাইলসহ নগদ ধনকে ধৰি সকলো বয়বস্তু লুট কৰি নিছিল ৷ তেৱোঁ জালুকবাৰীৰ পৰা বৰমালৈ বুলি বৰপেটা অভিমুখী এল্ট’ গাড়ী এখনত আহিছিল। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ লগতে জনসাধাৰণেও অত্যন্ত সজাগতা অৱলম্বন কৰাৰ প্ৰয়োজন হৈ পৰিছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  …

Leave a Reply

Your email address will not be published. Required fields are marked *