Sunday , February 23 2020
Home / আঞ্চলিক / গুৱাহাটী আই আই টিৰ ডিজাইন ডিপাৰ্টমেণ্টৰ উদ্যোগত আয়োজিত কৰ্মশালা “অভিলাষা” সম্পন্ন

গুৱাহাটী আই আই টিৰ ডিজাইন ডিপাৰ্টমেণ্টৰ উদ্যোগত আয়োজিত কৰ্মশালা “অভিলাষা” সম্পন্ন

গুৱাহাটী আই আই টিৰ ডিজাইন ডিপাৰ্টমেণ্টৰ উদ্যোগত আয়োজিত কৰ্মশালা “অভিলাষা” সম্পন্ন।

পঙ্কজ নাথ, চাংসাৰি, ২২ মে :

উত্তৰ পূৰ্বাঞ্চল তথা দেশৰ আগশাৰীৰ প্ৰযুক্তি বিদ্যাৰ শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটী আই আই টিত কালি মঙ্গলবাৰে প্ৰতিষ্ঠান খনৰ ডিজাইন ডিপাৰ্টমেন্টৰ উদ্যোগত এখনি অভিলাষা নামৰ কৰ্মশালা সম্পন্ন হৈ যায়। গুৱাহাটী আই আই টি য়ে প্ৰতিষ্ঠা কালৰ পৰাই উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ গুৱাহাটীৰ বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী শৈক্ষিক ক্ষেত্ৰত অগ্ৰগতিৰ বাবে বিভিন্ন কাৰ্য্যসূচী হাতত লৈ আহিছে। এনেই এক কাৰ্য্যসূচী হৈছে ডিজাইন ডিপাৰ্টমেণ্টৰ দ্বাৰা আয়োজিত “অভিলাষা” । ডিজাইন ডিপাৰ্টমেণ্টৰ অধ্যাপক প্ৰতুল কলিতাই জানিবলৈ দিয়া মতে কালি গুৱাহাটী আই আই টি ৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত এই “অভিলাষা” শীৰ্ষক কৰ্মশালা খন এদিনীয়াকৈ আয়োজিত হৈ যায় । কৰ্মশালাখনিত দেশ বিদেশৰ কেইবা গৰাকীও বিশেষজ্ঞই ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰে। বৰ্তমান বিশ্বত ডিজাইন পাঠক্ৰমে বিদ্যালয় মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে। সেয়েহে গুৱাহাটীৰ আশেপাশে থকা ছাত্ৰ ছাত্ৰী সকলে যাতে ডিজাইন পাঠক্ৰম সম্পৰ্কত কিদৰে আগবাঢ়িলে লাভবান হব তাৰে চমু আভাস দিবলৈ কালিৰ কৰ্মশালাখন আয়োজন কৰা হৈছিল। জানিব পৰা মতে এই কৰ্মশালাখনিত অঞ্চলটোৰ প্ৰায় ৭০০ প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰি সুচাৰুৰূপে প্ৰশিক্ষণ গ্ৰহণ কৰে।

About Staff Reporter

চাব পাৰে

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *