Wednesday , January 22 2020
শেহতীয়া খবৰ
Home / ক্ৰীড়া / গুৱাহাটী উপস্থিত ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুটীয়া

গুৱাহাটী উপস্থিত ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুটীয়া

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,,,,।।।।২ ফেব্ৰুৱাৰী।।।। আমেৰিকান পাৰফৰমেন্স আৰু লাইফষ্টাইলৰ ফুটওৱেৰ ব্ৰেণ্ড স্কেচাৰৰ গুৱাহাটীৰ জি এছ ৰোডৰস্থিত বিপনীত শনিবাৰে উপস্থিত হয় ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুটীয়া। বিপনী খনত উপস্থিত হৈ ফুলবলাৰ গৰাকীয়ে অনুৰাগী তথা সাংবাদিকসকলৰ সৈতে স্বাস্থ্য ফেশ্বন, ফিটনেছ আদি বিভিন্ন বিষয়ত মত-বিনিময় কৰে। তেওঁ কয় “গুৱাহাটীত আহি মোৰ খুব ভাল লাগে আগতেও মই গুৱাহাটী আহিছোঁ। গুৱাহাটী খন খুউব ধুনীয়া।মই নিজকে ফিট কৰি ৰখাৰ বাবে চেষ্টা কৰো। এটা সুস্থ শৰীৰ অধিকাৰী হ’বৰ বাবে খাদ্যৰ প্রতি খুব ধ্যান দিব লগে। মই খাদ্যভাসৰ প্ৰতি সদায় গুৰুত্ব দিওঁ আৰু মাদক দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থাকোঁ। কঠোৰ শ্ৰম কৰোঁ আৰু বিশেষকৈ ট্ৰেকিং কৰি মই ভাল পাওঁ কাৰণ ই স্বাস্থ্য ভালে ৰখাত সহায় কৰে। লগতে তেওঁ গুৱাহাটীত খেলপথাৰৰ অভাৱ হোৱা যেন অনুভৱ কৰি কয়, “গুৱাহাটীত খেলপথাৰৰ সলনি হাস্পাতালৰ সংখ্যা অধিক। খেলপথাৰ অধিক হ’লে ইমান হাস্পাতালৰ প্রয়োজন নহয় বুলি মই ভাবো কাৰণ আমি যিমানে খেলিম দৌৰিম সিমানেই আমি কম ৰোগত ভুগিম। ফুটবলৰ ক্ষেত্ৰত তেওঁ কয় ” সৰুৰে পৰা ল’ৰা ছোৱালীক খেলিব দিব আৰু অভিভাৱকে উৎসাহ দিব লাগে খেলৰ ক্ষেত্ৰত। বৰ্তমানে নৰ্থ ইষ্টত বহুতো প্ৰতিভা আছে বুলি কয় আৰু বৰ্তমানে তেওঁ সুনীল ছেত্ৰী, হলিৰাম নাৰ্জাৰীৰ প্ৰদৰ্শনক লৈ সুখী বুলিও মন্তব্য কৰে। আনহাতে স্কেচাৰ সম্বন্ধে ফুটবলাৰ গৰাকীয়ে কয় ” সদায় আৰাম দায়ক জোতা পৰিধান কৰিব লাগে যাতে আমি খোজ কাঢ়িবলৈ অসুবিধা নাপাওঁ। স্কেচাৰে সদায় আৰামদায়ক জোতা আগবঢ়াই দিছে গ্ৰাহকৰ বাবে আৰু মই নিজেও ইয়াৰ শেহতীয়া ভাবে উপলব্ধ ৰানিং জোতা পৰিধান কৰি খুব আনন্দিত হৈছো।” উল্লেখ ২০১২ চননে মুকলি হোৱা স্কেচাৰে গ্ৰাহকৰ বাবে জোতা কাপোৰকে ধৰি বিনিন্ন সামগ্ৰী গ্ৰাহকৰ বাবে আগবঢ়াই আহিছে। “‘পদ্মশ্ৰী'” “অৰ্জুন”বঁটাৰে বিভূষিত ফুটবলাৰগৰাকীক ওচৰৰ পৰা চাবৰ বাবে আজি জি এছ, ৰোডত অনুৰাগীৰ ভিৰ পৰিলক্ষিত হোৱা দেখা যায় আৰু ইয়াৰ লগত সংগতি ৰাখি আজি বিপনী খনৰ চৌহদত বিনিন্ন টেলেণ্ট হান্টৰ আয়োজন কৰা হয় য’ত ফুটবলাৰ গৰাকীৰ অনুৰাগী সককে অংশগ্ৰহণ কৰে।

About Staff Reporter

চাব পাৰে

গোলাঘাটত আন্ত ক্লাব ভলীবল প্ৰতিযোগিতা

গোলাঘাটত আন্ত ক্লাব ভলীবল প্ৰতিযোগিতা : গোলাঘাট ,১৯ নৱেম্বৰ : অহা ইংৰাজী ২৩ আৰু ২৪ …