Wednesday , January 29 2020
Home / চিত্ৰ / আলোকচিত্ৰ / গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত ১০-১৬ ডিচেম্বৰলৈ দ্বাদশ আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত ১০-১৬ ডিচেম্বৰলৈ দ্বাদশ আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

 

ষ্টাফ ৰিপ’ৰ্টাৰ,,৭ ডিচেম্বৰ।।।। সৰ্ববৃহৎ চলচ্চিত্ৰ সন্থা গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত আয়োজিত দ্বাদশ আন্ত:ৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ ১০ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰ লৈ গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলত এই বিষয়ে সদৰী কৰে চিনে ক্লাৱৰ সাধাৰণ সম্পাদক মাধুৰীমা বৰুৱাই । তেওঁ কয়-“এইবাৰৰ দ্বাদশ আন্তৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত মুঠ ২৩ খন পূৰ্ণ দৈর্ঘৰ চলচ্চিত্ৰ, বাফ্টাৰ নিৰ্বাচিত চুটি চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব। কাট্ৰি ফকাছ ‘টিউনিচিয়া’ আৰু ফৰাচী চলচ্চিত্ৰ নিৰ্মাতা ফ্ৰেংকছ ট্ৰুফোৰ ৰেট্ৰস্পেকটিভ শিতানত তেঁওৰ বিখ্যাত চলচ্চিত্ৰ Bed and Board. Love on the Run আৰু The Women Next door প্ৰদৰ্শন কৰা হ’ব। টিউনিছিয়াৰ পৰ্টো ফাৰিনা/ ইব্ৰাহিম লটিফ /৯১ মি: চলচ্চিত্ৰৰ প্ৰদৰ্শনৰে আৰম্ভ হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত টিউনিচিয়াৰ ভাৰতস্থ ৰাষ্ট্ৰীদূত নেজামেদ্দিন লাখাল মুখ্য অতিথি ৰূপে উপস্থিত থাকিব। তদুপৰি আন্ত:ৰাষ্ট্ৰীয় শিতানত থ্ৰী ব্ৰাদাৰচ/চেক ৰিপাব্লিক, পেইনচ অৱ অ’টম(তুৰ্কী) বুলবুল( নেপাল), চিনচিয়াৰলি ইয়োৰচ ঢাকা বাংলাদেশ, চিংগাপুৰৰ ‘কথা’ আৰু হাংগেৰিৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব।” তেওঁ লগতে কয়”-মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে জাহ্নু বৰুৱাই পৰিচালনা কৰা ‘মেইনে গান্ধী কো নেহী মাৰা’, চলচ্চিত্ৰ পৰিচালক মৃণাল সেনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ‘অন্তৰীণ’ প্ৰদৰ্শন কৰা হ’ব। তদুপৰি নতুন পৰিচালক দীপাংকৰ প্ৰসাদৰ হিন্দী ভাষাত নিৰ্মিত ‘মুছোঁ’ প্ৰদৰ্শন কৰা হ’ব। উত্তৰ পূৱৰ চলচ্চিত্ৰৰ শিতানত পৰিচালক দাৱা লেপ্ চাৰ ধকবো, মণিপুৰৰ নাংফাদক লেপকা অতিথি” পৰিচালক অৰিবাম শ্যাম শৰ্মা, অৰুণাচলৰ ‘ইন দ্যা লেণ্ড অৱ পয়জন ওমেন’ পৰিচালক মঞ্জু বৰা,পখিলাৰ পাখি’ পৰিচালক এহ্ছান মজিদ, যি ‘গল্পৰ শেষ নাই’ পৰিচালক ক্ৰমে প্ৰদ্যুৎ ডেকা, উৎপল দত্ত আৰু প্ৰশান্ত শইকীয়াৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব। উল্লেখযোগ্য যে,মহোৎসৱৰ লগত সংগতি ৰাখি চতুৰ্থ বাৰৰ বাবে চুটি চলচ্চিত্ৰৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত পুৰস্কাৰ প্ৰাপ্ত পৰিচালকক বঁটা প্ৰদান কৰা হ’ব আৰু নিৰ্বাচিত চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব। আজিৰ সংবাদমেলত চিনে ক্লাৱৰ সভাপতি এ.কে. আবছাৰ
হাজৰিকা কে ধৰি ক্লাৱৰ কেইবাজনো সদস্য উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

আলোকচিত্ৰ : মনোজ দাসৰ

হিমাচল প্ৰদেশৰ “চেৰীব্লছম ফুল”

Leave a Reply

Your email address will not be published. Required fields are marked *