Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / মহানগৰ / গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভ

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভ

 

ষ্টাফ ৰিপ’ৰ্টাৰ,,,,১০ নৱেম্বৰ।।।।অগ্ৰণী বে-চৰকাৰী অনুষ্ঠান ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্বনে গ্ৰন্থক জনপ্ৰিয় কৰণৰ প্ৰচেষ্টাৰ অংশ হিচাপে গ্ৰন্থৰ দিনত গুৱাহাটী প্ৰেছক্লাৱত দেওবাৰে ড০ হৃদয় ৰঞ্জন দাসৰ “হেঙুলীয়া প্ৰেমৰ পমখেদি” আৰু দীপাঞ্জলি
চেতিয়া গগৈৰ “এখনি আকাশ দিয়া”গ্ৰন্থ দুখন উন্মোচন কৰা হ’য়। গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে বিশিষ্ট কবি সাহিত্যিক ৰাজীৱ ফুকন আৰু বিশিষ্ট কবি হৃদয় কুমাৰ পাটগিৰিয়ে। ৰেণু দাসৰ ঘোষা আৰু ডাঃ কৰবী গোস্বামীৰ বৰগীতেৰে আৰম্ভ হোৱা উক্ত সভাখনত পাঁচ গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে ধিংক মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা স্বপ্না নেওগ, কৃতি শিক্ষয়িত্ৰী সু-লেখিকা লাবণ্য দেৱী, সমাজসেবিকা স্বৰ্ণ বৰা আৰু বিনু বৰকাকতি আৰু কবি গল্পকাৰ, প্ৰবন্ধকাৰ প্ৰতিভা দেৱীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰদীপ কুমাৰ ভট্টাচাৰ্যই সভাপতিত্ব কৰা আৰু ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্বনৰ সম্পাদক মোহন দত্ত আঁত ধৰা সভাখনত বিশিষ্ট কবি অনন্ত চক্ৰৱৰ্তীয়ে বিশিষ্ট অথিতিৰূপে উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

অটল অমৃত অভিযান আঁচনি ৰ সৈতে এইচ জি ইকেঅ’ কেন্সাৰ চেণ্টাৰৰ চুক্তি স্বাক্ষৰ

  ষ্টাফৰিপৰ্টাৰ: ১৬ নৱেম্বৰ: অটল অমৃত অভিযান আঁচনি ৰ সৈতে এইচ জি ইকেঅ’ কেন্সাৰ চেণ্টাৰৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *