Friday , May 24 2019
শেহতীয়া খবৰ
Home / সাহিত্য / গুৱাহাটী প্ৰেছ ক্লাৱত’গ্ৰন্থ উন্মোচনী সভা’

গুৱাহাটী প্ৰেছ ক্লাৱত’গ্ৰন্থ উন্মোচনী সভা’

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,৬ মাৰ্চ।। অনন্যা প্ৰকাশনৰ উদ্যোগত বুধবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত দুগৰাকী বিশিষ্ট, লেখিকাৰ তিনিখন গ্ৰন্থ ক্ৰমে,ৰীণা দেৱীৰ সপোনৰ নৱৰূপ,(উপন্যাস), ৰেণু দত্ত বৰফুকনৰ ” আই সৰস্বতী(ধৰ্মমূলক গ্ৰন্থ) আৰু ‘মইনাৰ আখল চিনাকি (শিশু গ্ৰন্থ) উন্মোচন কৰা হয়। বিশিষ্ট সাহিত্যক, অধ্যাপক ড০ নমিতা ডেকাই ৰীণা দেৱীৰ “সপোনৰ নৱৰূপ’ উন্মোচন কৰে। উন্মোচনী ভাষণত তেওঁ কয়-“আজি সঁচাকৈ এটা ভাল দিন,কাৰণ আজি গ্ৰন্থ উন্মোচনৰ দৰে ভাল কাম এটা হ’ল। উপন্যাস লিখাটো সহজ নহয়। উপন্যাস লিখাৰ বাবে দুটা গুণৰ অধিকাৰী হ’ব লাগিব। তাৰে এটা সময় আৰু আনটো ধৈৰ্য্য। নাৰীসকলে বহুত কষ্টৰ মাজেৰে লিখে। নাৰীসকলৰ কষ্টৰ ফল ফলদায়ী হয়। এনে এগৰাকী নাৰী হৈছে লেখিকা ৰীণা দেৱী। গতিকে এনে এটা কাম সম্পন্ন কৰাৰ বাবে মই ৰীণা দেৱীক অভিনন্দন জনাইছো”। আনহাতে “মইনাৰ আখৰ চিনাকি” গ্ৰন্থ খন মুকলি কৰি বিশিষ্ট সাহিত্যিক ভৱানী প্ৰসাদ অধিকাৰীয়ে কয়-“শিশু আলোচনী তথা শিশু গ্ৰন্থ বা উপন্যাসৰ ক্ষেত্ৰত আমি বৰ দুখীয়া শিশুৰ বাবে অধিক গ্ৰন্থ প্রকাশ হ’ব লাগে।গতিকে এনে সময়ত এনে এখন শিশু গ্ৰন্থ লিখাৰ বাবে মই লেখিকাক ধন্যবাদ জনাইছোঁ।” আনহাতে ৰেণু দত্ত বৰফুকনৰ “আই সৰস্বতী” গ্ৰন্থখন মুকলি কৰি অণিমা গগৈয়ে শুভেচ্ছামূলক ভাষণ আগবঢ়াই। হৰেন্দ্ৰ নাথ শৰ্মাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভনিতে লেখিকা ৰীণা দেৱীয়ে আদৰণি ভাষণ আগবঢ়ায়। উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম আৰক্ষীৰ উচ্চ বিষয়া শৰৎ ফুকন।

About Staff Reporter

চাব পাৰে

গ্ৰন্থ উন্মোচনী সভা

  ষ্টাফ ৰিপোৰ্টাৰ,,,২৭, ফেব্ৰুৱাৰী।।।। “আবু চুফীয়ানৰ আৰক্ষী বিষয়া হিচাপে এক সুনাম আছে। অসমৰ উচ্চ পদৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *