Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / সাহিত্য / গুৱাহাটী প্ৰেছ ক্লাৱত “বস্ত্ৰ কথা’ শীৰ্ষক গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাৱত “বস্ত্ৰ কথা’ শীৰ্ষক গ্ৰন্থ উন্মোচন

ষ্টাফ ৰিপোৰ্টাৰ,,,,২৩ জুন।।।। গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ আৰু ইয়াৰ উপকন্ঠ অঞ্চলত বৌদ্ধিক চিন্তা- চর্চাৰ পৰিবেশ সৃষ্টিৰ উদ্দেশ্যে ১৯৬৬ চনত জন্ম হোৱা প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ দেওবাৰে ৫৩ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি সভাৰ উদ্যোগত অসম চৰকাৰৰ হস্ততাত গৱেষণা আৰু চানেকি কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ড০ জয়ন্ত দেৱ শৰ্মাৰ প্ৰবন্ধ সংকলন ‘ “বস্ত্ৰ কথা” দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই প্ৰবন্ধ সংকলন খন উন্মোচন কৰে অসম চৰকাৰৰ হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ সঞ্চালক কবিতা ডেকাই। উন্মোচনী ভাষণত তেঁও কয়-” বস্ত্ৰ এবিধ সাহিত্যৰ দৰে ৰচনা হোৱা বস্তু আৰু এই বস্ত্ৰৰ দ্বাৰা এখন ঠাইৰ সংস্কৃতি, স্বভাৱ, স্বাভিমান প্ৰতিফলিত হয়। আমাৰ অসমৰ বস্ত্ৰই বিশেষকৈ আমাৰ গামোচা খনে ভৰত তথা বিদেশতো এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এনে প্ৰবন্ধৰ দ্বাৰা বস্ত্ৰৰ সম্বন্ধে বহুতো কথা জানিব পাৰিব আৰু এনেকুৱা এখন প্ৰবন্ধ উন্মোচন কৰিবলৈ পাই মই নিজকে বহুত সুখী অনুভৱ কৰিছো”। আনহাতে লেখক ড০ জয়ন্ত দেৱ শৰ্ম্মাই গ্ৰন্থখনৰ বিষয়ে কিছু চমু আভাস ৰাইজৰ ওচৰত দাঙি ধৰে। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সভাপতি ড০ অমলেন্দু চক্ৰৱৰ্তীয়ে সঞ্চালনা কৰা সভাখনত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ভাস্কৰ ফুকন,অসম টেক্সটাইল ইনষ্টিটিউটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আলোক কান্তি পাল চৌধুৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

About Staff Reporter

চাব পাৰে

গ্ৰন্থ উন্মোচনী সভা

  ষ্টাফৰিপৰ্টাৰ, ২৯ ,মে’ :আজি আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ …

Leave a Reply

Your email address will not be published. Required fields are marked *