Sunday , January 19 2020
শেহতীয়া খবৰ
Home / সাহিত্য / গুৱাহাটী প্ৰেছ ক্লাৱত মুক্ত কবি কণ্ঠৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা

গুৱাহাটী প্ৰেছ ক্লাৱত মুক্ত কবি কণ্ঠৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা

 

ষ্টাফৰিপৰ্টাৰ, ১০ নৱেম্বৰ : গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে মুক্ত কবি কণ্ঠৰ উদ্যোগত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট কবি এলেক্স ডি ফিগোৰ “মা”, মুক্ত কবি কণ্ঠৰ সম্পাদক কাব্যনীলৰ “কবি আৰু কবিতা( চতুৰ্থ খণ্ড) আৰু “কবি আৰু কবিতা (পঞ্চম খণ্ড)” আৰু ছাবিনা আলিয়া ‘চন্দ্ৰাজিতা”, “ছোমাতা অৱ ড্ৰীমছ” গ্ৰন্থ কেইখন উন্মোচন কৰা হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট কবি আনিছ উচ জামান, ৰাজেন্দ্ৰ নাথ বৰদলৈ, কৰুণা কান্ত ৰায়ে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। সভাত শিশু শিল্পী সুৰুজ দাসে একক অভিনয় প্ৰদৰ্শন কৰে। উন্মোচনী সভাত গীত, কবিতা কেইবাগৰাকী কবি , শিল্পীয়ে পৰিবেশন কৰে। সভাত শলাগৰ শৰাই আগবঢ়াই মুক্ত কবি কণ্ঠৰ সভাপতি
অনিল চন্দ্ৰ নাথে।

About Staff Reporter

চাব পাৰে

লেখিকা, গল্পকাৰ বিনীশা দেৱীৰ নৱতম উপন্যাস” “ৰক্তৰাগ” উন্মোচন

  ষ্টাফৰিপৰ্টাৰ, ২২ ছেপ্টেম্বৰ ; লেখিকা গল্পকাৰ বিনীশা দেৱীৰ নৱতম উপন্যাস” ৰক্তৰাগ” দেওবাৰে গুৱাহাটী প্ৰেছ …

Leave a Reply

Your email address will not be published. Required fields are marked *