Thursday , April 9 2020
শেহতীয়া খবৰ
Home / মহানগৰ / গুৱাহাটী প্ৰেছ ক্লাৱত সম্প্ৰতিৰ গান : ভেদাভেদ আঁতৰাই আগবাঢ়ি যোৱাৰ সংকল্প দহ সাংবাদিক দহ লোকশিল্পীলৈ সম্বৰ্ধনা

গুৱাহাটী প্ৰেছ ক্লাৱত সম্প্ৰতিৰ গান : ভেদাভেদ আঁতৰাই আগবাঢ়ি যোৱাৰ সংকল্প দহ সাংবাদিক দহ লোকশিল্পীলৈ সম্বৰ্ধনা

 

ষ্টাফৰিপোৰ্টাৰ,৫ ফেব্ৰুৱাৰী, ৰাজনীতিকৰ ধৰ্মৰ নামত বিভাজনৰ কুটীল অপচেষ্টাৰ বিৰুদ্ধে গৰজি উঠি শংকৰদেব-মাধৱদেৱ-আজান ফকীৰৰ সমন্বয়ৰ আদৰ্শৰে একেলগে প্ৰতিকূলতাৰ মুখামুখি হোৱাৰ পণ ল’লে ৰাইজে। আজান ফকীৰ(পীৰ) প্ৰকল্প ন্যাসৰ উদ্যোগত তথা সদৌ অসম গৰিয়া মৰিয়া যুৱ-ছাত্ৰ পৰিষদ আৰু দেশী জনগোষ্ঠীয় মঞ্চ,অসমৰ সহযোগত আজি ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট সাংবাদিক আৰু লোকশিল্পীক আনুষ্ঠানিক সম্বৰ্ধনা জনায়। এই অনুষ্ঠানতে সাংবাদিক খগেন কলিতা,দেবজিৎ ভূঞা, উৎপল কুমাৰ দাস, আজিজুৰ ৰহমান শইকীয়া, জিকিৰ শিল্পী আমিনুদ্দিন আহমেদ,দেশী জনগোষ্ঠীয় মঞ্চ,অসমৰ সভাপতি শ্বেখ হেদায়ত উল্লা আদি বিভিন্ন বক্তাৰ ভাষণত ধ্বনিত হ’ল দুষ্ট ৰাজনীতিকৰ বিভাজনৰ অপচেষ্টা ওফৰাই সমন্বয়ৰ মাজেৰে আগবঢ়াৰ সংকল্প। গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত মনোজ্ঞ সম্বৰ্ধনা অনুষ্ঠানটিত সভাপতিত্ব কৰে আজান ফকীৰ(পীৰ) প্ৰকল্প ন্যাসৰ অধ্যক্ষ ৰফিউল হুছেইন বৰুৱাই। আদৰণি ভাষণ দিয়ে ন্যাসৰ সচিব অধ্যাপক ডঃ পইনুৰুদ্দিন আহমেদে। এই অনুষ্ঠানত সমাজ জীৱনৰ প্ৰতি আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে জ্যেষ্ঠ সাংবাদিক খগেন কলিতা,দেৱজিৎ ভূঞা,উৎপল কুমাৰ দাস,হেমন্ত শৰ্মা,আজিজুৰ ৰহমান শইকীয়া,চাহাবুদ্দিন আহমেদ,আলিয়াছ আহমেদ,হেমন্ত কুমাৰ মজুমদাৰ,ফাইজুৰ ৰহমান আৰু খনীন ডেকাক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়৷ আনহাতে লোকসংগীতৰ ক্ষেত্ৰখন চহকী কৰাৰ বাবে অহৰহ কাম কৰি থকা দহ গৰাকী শিল্পীকো একেখন মঞ্চতে সম্বৰ্ধনা জনোৱা হয়৷ টোকাৰী গীতৰ শিল্পী উমাকান্ত বৈৰাগী, কামৰূপীয়া লোকগীতৰ শিল্পী প্ৰণীতা বৈশ্য মেধি,স্বৰ্ণা চক্ৰৱৰ্তী,জিকিৰ আৰু জাৰি শিল্পী প্ৰদীপ কুমাৰ শৰ্মা,আব্দুল ৰহিম,নুৰুল হক,আজিমুদ্দিন আহমেদ, গোৱালপৰীয়া লোকগীত দেশী গীতৰ শিল্পী আব্দুল জব্বাৰ,হামিদা সৰকাৰক সম্বৰ্ধনা জনোৱাৰ লগতে শিল্পী স্বৰ্গীয় মানিক আলী মৰণোত্তৰভাবে সন্মান জনোৱা হয়৷ শিল্পী প্ৰণীতা বৈশ্য মেধিৰ কামৰূপীয়া লোকগীত,হামিদা সৰকাৰৰ গোৱালপৰীয়া লোকগীত, আজিমুদ্দিন আহমেদৰ জিকিৰেৰে মুখৰ হৈ পৰে গুৱাহাটী প্ৰেছ ক্লাৱ চৌহদ ।আজিৰ সম্বৰ্ধনা অনুষ্ঠানটিত উপস্হিত থাকে ন্যাসৰ যুটীয়া সচিব আলহাজ বদিৰত আলী, কোষাধ্যক্ষ চেলিম উদ্দিন আহমেদ, দেশী জনগোষ্ঠীয় মঞ্চ,অসমৰ উপদেষ্টা ইছলামুল হক মণ্ডল,সভাপতি শ্বেখ হেদায়ৎ উল্লা, সম্পাদক শ্বাহ জালাল আহমেদ,সদৌ অসম গৰিয়া মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি চৈয়দ আশ্ৰাফ আলী,সাধাৰণ মইনুল হক,সহকাৰী চাইফ আলী,বিশিষ্ট সমাজসেৱী ইলিয়াজ হুছেইন,ছাজিদা বেগম,ডাঃ ফৰিদুৰ ৰহমান,ছফিউৰ ৰহমান আদি।

About Staff Reporter

চাব পাৰে

চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনায় ৰীতা দাস হজৰিকাই দুখীয়াৰ মাজত বিলালে সামগ্ৰী

  ষ্টাফৰিপোৰ্টাৰ, ৮ এপ্ৰিল : : বিশ্ব সন্ৰাস সৃষ্টি কাৰী কৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশত …

Leave a Reply

Your email address will not be published. Required fields are marked *