Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / গুৱাহাটী প্ৰেছ ক্লাৱত হিন্দী চলচ্চিত্ৰৰ “ইনচাইড লাভ” ৰ পোষ্টাৰ মুকলি

গুৱাহাটী প্ৰেছ ক্লাৱত হিন্দী চলচ্চিত্ৰৰ “ইনচাইড লাভ” ৰ পোষ্টাৰ মুকলি

 

 

ষ্টাফৰিপৰ্টাৰ, ,,,২৮ অক্টোবৰ।।।। প্লেনেট নাইন এন্টাৰটেইনমেণ্টৰ নিবেদিত “ইনচাইড লাভ” নামৰ একচন, থ্ৰিলাৰ, ৰোমান্টিক হিন্দী চলচ্চিত্ৰৰ খনৰ পোষ্টাৰ সোমাবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰা হয়। চলচ্চিত্ৰ খনৰ পোস্তাৰ মুকলি কৰি জ্যেষ্ঠ সাংবাদিক ৰবি শংকৰ ৰবিয়ে কয় ” উদ্যোক্তা সকলে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। চলচ্চিত্ৰ খনৰ পোস্তাৰ মুকলি কৰা হল যিহেতু অতি শিঘ্ৰে মুক্তি লাভ কৰিব। চলচ্চিত্ৰ খনে দৰ্শকৰ সঁহাৰি লাভ কৰিব বুলি আশা কৰিলোঁ।” ৮০ শতাংশ অসমৰ শিল্পীয়ে অভিনয় কৰা এই পূৰ্ণদৈৰ্ঘৰ চলচ্চিত্ৰখনৰ অধিকাংশ দৃশ্যগ্ৰহণ অসম আৰু অৰুণাচল প্ৰদেশৰ টাৱাঙ, মেঘালয়, মুম্বাই  আদিত কৰা হৈছে।  সোমাবাৰে এই মুকলি অনুষ্ঠানত উপস্থিত থাকি অসম সন্তান তথা বলিউডৰ জনপ্রিয় অভিনেতা আৰু চলচ্চিত্ৰ খনৰ মুখ্য নায়ক সমৰ অমিতে কয়”-এইখন এখন সম্পূৰ্ণ মনোৰঞ্জনধর্মী চলচ্চিত্ৰ। সকলোৱে নিজৰ পৰিয়ালৰ লগত এই চলচ্চিত্ৰ খন উপভোগ কৰিব পাৰিব। এটি সুন্দৰ কাহিনী আছে চলচ্চিত্ৰ খনত। আজি আমি পোষ্টাৰ মুকলি কৰিলোঁ আৰু কেইদিনমান পাছত আমি ট্ৰেইলাৰ মুকলি কৰিম আৰু  জানুৱাৰীত আমি চলচ্চিত্ৰ খন দৰ্শকৰ বাবে উপহাৰ দিম। মই আশা কৰিছোঁ যাতে অসমৰ তথা ভাৰতৰ সকলো দৰ্শকে আমাৰ চলচ্চিত্ৰ খন আঁকোৱালি ল’ব”। ইনচাইউৰ লাভৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে মৃনয় বৰাই আৰু প্ৰযোজনা শ্ৰীকান্ত শ্বাহ, কল্যাণ কুমাৰ শৰ্মা, আত্মা চৌধুৰী আৰু মৃণ্ময় বৰাই। চিত্ৰনাট্য মুম্বাইৰ ত্ৰিলোক চৌধুৰীৰ আৰু চলচ্চিত্ৰ খনত ৰীতা অধিকাৰী, বৰ্ণনা আদিয়ে কণ্ঠদান কৰিছে। উল্লেখযোগ্য যে, চলচ্চিত্ৰখনৰ নায়ক সমৰ অমিতে ইতিমধ্যে জি টিভি, চনি টিভি, কালাৰ্চ  আদি ষ্টাৰ প্লাছ আদি প্ৰচাৰিত “য়ে হে মোহাব্বতে,”পবিত্ৰ ৰিষ্টা আদি কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয়তা অর্জন কৰিছে। সাংবাদিক দীপাংকৰ দেৱ শৰ্মাই আঁত ধৰা আজিৰ অনুষ্ঠানটিত প্ৰযোজক আত্মা চৌধুৰী, তথা ছবিখনত অভিনয় কৰা কেইবাগৰাকীও কলা-কুশলী উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

প্ৰতিঘাট” ৰ পোষ্টাৰ আৰু গীত মুকলি

  ষ্টাফৰিপৰ্টাৰ, ৩০ অক্টোবৰ : শ্ৰদ্ধাঞ্জলি কাননত মঙলবাৰে অচিন্ত শংকৰৰ কাহিনী আৰু পৰিচালনাৰে মুক্তি লাভ …

Leave a Reply

Your email address will not be published. Required fields are marked *