Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গোলাঘাটত অগ্নিদগ্ধ হৈ আইতা -নাতিনীৰ শোকাৱহ মৃত্যু

গোলাঘাটত অগ্নিদগ্ধ হৈ আইতা -নাতিনীৰ শোকাৱহ মৃত্যু

গোলাঘাটত অগ্নিদগ্ধ হৈ আইতা -নাতিনীৰ শোকাৱহ মৃত্যু : গোলাঘাট ,৮ নৱেম্বৰ : কালি নিশা গোলাঘাট নগৰৰ জ্যোতিনগৰৰ ইটাখুলিত ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু হ’ল আইতাক ,নাতিনীৰ। জানিব পৰা মতে নিজৰ বাসগৃহৰ ভিতৰত সংঘটিত হোৱা অগ্নিত আইতাক ৰেণু ভূঞা আৰু তিনিবছৰীয়া নাতিনী শেৱালী ভূঞা ঘৰটোৰ লগতে জীৱন্তে অগ্নিদদ্ধ হৈ শোকাৱহ ভাৱে মৃত্যুক সাৱটি ল’য়। মৃত ৰেণু ভূঞাৰ পুত্ৰ দেৱৰাজ ভূঞা আৰু বোৱাৰী প্ৰতিমা ভূঞা ঘৰত নথকা অৱস্থাত উক্ত দূৰ্ঘটনাটো সংঘটিত হ’য়। অগ্ধিয়ে আৱৰি ধৰা ঘৰটোৰ পৰা আইতাক -নাতিনী ওলাই আহিব নোৱাৰাৰ বাবে এনেদৰে মৃত্যক সাৱটিব লগীয়া হ’য়। পুত্ৰ -বোৱাৰী ঘৰলৈ ঘূৰি অহাৰ পিছত ভস্মীভূত ঘৰটোৰ লগতে মৃতদেহ দুটা উদ্ধাৰ হ’য়। মাটিৰ চাকিৰ পৰা জুই বিয়পি পৰা বুলি ধাৰণা কৰা হৈছে যদিও অনুসন্ধানৰ পিছতহে সঠিক তথ্য লাভ কৰিব পৰা যাব। এনে শোকাৱহ ঘটনাই আজি সমগ্ৰ গোলাঘাটত শোকৰ ছাঁ পেলাইছে।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *