Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / গোলাঘাটত অসম ভলীবল সন্থাৰ সাধাৰণ সভাৰ আয়োজন

গোলাঘাটত অসম ভলীবল সন্থাৰ সাধাৰণ সভাৰ আয়োজন

গোলাঘাটত অসম ভলীবল সন্থাৰ সাধাৰণ সভাৰ আয়োজন গোলাঘাট, ২৯ অক্টোবৰ : অসমৰ ভলীবল ক্ষেত্ৰখনক ন ৰূপ দিয়াৰ উদ্দেশ্যে অহা ৩ নৱেম্বৰত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ প্ৰাঙ্গনত অসম ভলীবল সন্থাৰ সাধাৰণ সভাৰ বিশাল আয়োজন ইতিমধ্যে সম্পূৰ্ণ হৈছে। অসম ভলীবল সন্থাৰ উদ্যোগত আৰু গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ সভাত আগন্তুক চাৰি বছৰৰ বাবে নতুন কাৰ্যকৰী সমিতি গঠন কৰা হ’ব। জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ আৰু জিলা ভলীবল সন্থাৰ সম্পাদক প্ৰকাশ বৰাৰ পৰা জানিব পৰা মতে, উক্ত সভাত অসমৰ ৩০ খন জিলাৰ প্ৰতিনিধি ,ক্ৰীড়া সংগঠক আৰু প্ৰাক্তন ভলীবল খেলুৱৈ সকল উপস্থিত থাকিব । গঠন হ’বলগীয়া নতুন সমিতিৰ পৰা অসমৰ ভলীবল ক্ষেত্ৰখন অধিক সক্ৰিয়তাৰে আগবাঢ়ি যাব বুলি আশা ব্যক্ত কৰিছে অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজে।

About Staff Reporter

চাব পাৰে

চিংগাপুৰত অনুষ্ঠিত হৈ থকা ফাইনা ৱাটাৰ পল চেলেঞ্জাৰ্চ কাপত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ দৃশ্য, সুখৱৰটো এয়াই যে এই দলটোত টীম মেনেজাৰ হিচাপে আছে অসমৰ বিশিষ্ট ক্ৰীড়া সংগঠক ভাস্কৰ দাস

চিংগাপুৰত অনুষ্ঠিত হৈ থকা ফাইনা ৱাটাৰ পল চেলেঞ্জাৰ্চ কাপত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ দৃশ্য, সুখৱৰটো …

Leave a Reply

Your email address will not be published. Required fields are marked *