Tuesday , October 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গোলাঘাটত চিকিৎসকৰ গাফিলতিত শিশু মৃত্যু ৰ অভিযোগ

গোলাঘাটত চিকিৎসকৰ গাফিলতিত শিশু মৃত্যু ৰ অভিযোগ

গোলাঘাট,১১ জুলাই : পুনৰ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ  অৱহেলাৰ অভিযোগত এটি শিশুৰ মৃত্যুৰ ঘটনাই উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰিলে । মঙলবাৰে বোকাখাতৰ চিকিৎসালয়ত জন্মগ্ৰহণ কৰা এটি নৱজাতকৰ  পৰ্যাপ্ত ওজন কম হোৱাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছিল।  সেইদিনাৰ পৰা  গোলাঘাটৰ বেবী আই চি ইউ ত ৰখা শিশুটিৰ আজি পুৱাৰ ভাগত মৃত্যু হোৱা বুলি জনোৱা খৱৰত শিশুটিৰ পিতৃ ৰঞ্জিত কাকতিয়ে অভিযোগ তুলি শিশুটি চিকিৎসকৰ অৱহেলাৰ বাবে মৃত্যু হোৱা দাবী কৰে। অভিযোগনুসৰি নিশাই মৃত্যু হোৱা শিশুটি মৃত্যুৰ কথা বৃহস্পতিবাৰৰ পুৱালৈকে জনোৱা নাছিল বুলিও উল্লেখ কৰে নৱজাতকৰ দম্পতিয়ে। যদিওঁ, দম্পতিহালৰ অভিযোগৰ ভিত্তিত চিকিৎসালয়ৰ অধীক্ষক ডা : উত্তম দত্তই চিকিৎসকৰ অৱহেলাৰ প্ৰমাণ থাকিলে উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

About Staff Reporter

চাব পাৰে

ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা

#ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৪ অক্টোবৰ: মুক্তিৰ পূৰ্ৱেই অসমৰ শদিয়াৰপৰা ধুবুৰীলৈ খলকনিৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *