Wednesday , January 29 2020
Home / আঞ্চলিক / গোলাঘাটত ঠিকা ভিত্তিত টেট শিক্ষকৰ ধৰ্মঘট

গোলাঘাটত ঠিকা ভিত্তিত টেট শিক্ষকৰ ধৰ্মঘট

গোলাঘাটত ঠিকা ভিত্তিত টেট শিক্ষকৰ ধৰ্মঘট : গোলাঘাট, ১৩ ছেপ্তেম্বৰ : আজি গোলাঘাট পূৱ শিক্ষা খণ্ড,খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয় সন্মুখত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ পূৱ শিক্ষা খণ্ড সমিতিৰগোলাঘাট জিলা শাখাই দুঘন্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ঠিকাভিত্তিক কৰ্মৰত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়া কৰণৰ দাবীৰে এই কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰায় দুঘন্টাজুৰি এই শিক্ষক সমাজে বিভিন্ন শ্ল’গানেৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পিছত পূৱ উন্নয়ন খণ্ড শিক্ষা বিষয়াৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

About Staff Reporter

চাব পাৰে

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *