Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গোলাঘাটত প্ৰান্তীয় জ্ঞান-বিজ্ঞান মেলাৰ বিশাল প্ৰস্তুতি

গোলাঘাটত প্ৰান্তীয় জ্ঞান-বিজ্ঞান মেলাৰ বিশাল প্ৰস্তুতি

গোলাঘাটত প্ৰান্তীয় জ্ঞান-বিজ্ঞান মেলাৰ বিশাল প্ৰস্তুতি : সমবেত হব পাচশৰো অধিক নিকেতনৰ শিক্ষাৰ্থী : গোলাঘাট ১৬ ছেপ্টেম্বৰ : অখিল ভাৰতীয় শিক্ষা সংস্থান বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত প্ৰান্তীয় জ্ঞান বিজ্ঞান মেলা ২০১৯ ৰ প্ৰস্তুতি গোলাঘাটত সম্পূৰ্ণ হৈছে । গোলাঘাটৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সহযোগত আয়োজন কৰা ৰাজ্যিক প্ৰয্যায়ৰ এই মেলা সম্পৰ্কত আজি আয়োজক সমিতিয়ে এখন সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে । আয়োজক সমিতিৰ সভাপতি নবীন শইকীয়াই প্ৰকাশ কৰা মতে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা এই মেলাত ১৩ টা বিষয়ত অনুস্থিত হবলগীয়া প্ৰতিযোগিতা ২ টা শাখাত হব । ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত থকা বিদ্যা ভাৰতীৰ অন্তৰ্গত ৫৫১ খন শিক্ষানুষ্ঠানৰ ভিতৰত নিৰ্বাচিত ছাত্র ছাত্ৰী সকলে অংশ গ্ৰহণ কৰিবলগা এটা দলত ৫০ জনকৈ ৪০০ ,ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব ।প্ৰতিটো বিভাগতে ১০ গৰাকীকৈ আচাৰ্য আৰু কেন্দ্ৰীয় সমিতিৰ ৩০ জনকৈ কাৰ্য্কৰ্তাই পৰিচালনা কৰিব এই মেলাত হবলগীয়া প্ৰতিযোগিতা সমূহ । প্ৰতিযোগিতাঅ য়ষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে “বালক”শাখা আৰু নবম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ “কিশোৰ ” শাখাত ভাগ কৰা হৈছে । বিজ্ঞান আৰু গনিত বিষয়ত হব লগীয়া প্ৰতিযোগিতাত বৈদিক গনিত ,সাংস্কৃতিক জ্ঞান আৰু বিজ্ঞান প্ৰশ্ন মঞ্চ , বিজ্ঞান পত্ৰ ,গনিত পত্ৰ ভাচন ,সংস্কৃতি জ্ঞান পত্ৰ ভাচন , কাহিনী কোৱা ,বিজ্ঞান আৰু গনিতৰ মডেল , আকস্মিক ভাষন ,ব্যৱহাৰিক গনিত আৰু বিজ্ঞান অনুষ্ঠিত হব । অহা ২০ ছেপ্টেম্বৰত বিয়লি এই মেলা উদ্ধোধন কৰিব অসমৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব ড : মুকুল চন্দ্ৰ বৰা, কুলেন্দ্ৰ কুমাৰ ভাগৱতী আৰু হেমন্ত ধিং মজুমদাৰে । ২১ ছেপ্টেম্বৰত বিজ্ঞান আৰ্হিৰ প্ৰতিযোগিতা উন্মোচন কৰিব ড ; পুতুল চন্দ্ৰ শইকীয়াই । সন্ধ্যা স্মৃতি গ্ৰন্থ উন্মোচন কৰিব সু লেখিকা লোপামুদ্ৰা ভট্টাচাৰ্যই । ২২ ছেপ্টেম্বৰত পূৱা প্ৰতিযোগিতা আৰু দহ বজাত অনুস্থিত হব সামৰণি অনুস্থান ।উদ্যোক্তা সকলে মেলা তথা প্ৰতিযোগিতা খন সাফল্য মণ্ডিত কৰিবৰ বাবে সকলোৰে সহড়যোগিতা কামনা কৰিছে । সংবাদমেল খনত আয়োজকসমিতিৰ সভাপতি নবীন শইকীযাৰ লগতে উপস্থিত আছিল কাৰ্যকৰী সভাপতি গুনগোবিন্দ শৰ্মা ,সম্পাদক প্ৰাঞ্জল ভট্টাচাৰ্য্য বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কৰুন শইকীয়া আৰু বিদ্যালয় খনৰ প্ৰধান আচাৰ্য তথা আয়োজক সমিতিৰ ব্যৱস্থাপক দীগন্ত অধ্যাপক ।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *