Saturday , January 25 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / গোলাঘাটত বন্ধ প্ৰভাৱ ; স্তব্ধ জন জীৱন

গোলাঘাটত বন্ধ প্ৰভাৱ ; স্তব্ধ জন জীৱন

গোলাঘাটত বন্ধ প্ৰভাৱ ; স্তব্ধ জন জীৱন : গোলাঘাট, ১০ ডিচেম্বৰ : উত্তৰপূৰ্ব্বাঞ্চল ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্র সন্থাৰ উদ্যোগত দিয়া আজি অসম বন্ধৰ প্ৰভাৱ গোলাঘাটত সম্পূৰ্ণ ৰূপে পৰা দেখা যায়। চৰকাৰী বিদ্যালয়ৰ পৰীক্ষা সমূহ চলি থকাৰ পৰিপ্ৰেক্ষিতত কেৱল চৰকাৰী বিদ্যালয় চলি থকাৰ পৰিৱৰ্তে আন চৰকাৰী -বে চৰকাৰী কাৰ্যালয় ,দোকান -পোহাৰ সকলো বন্ধ হৈ পৰে। চহৰখনত যদিও কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই তথাপি ঠায়ে ঠায়ে প্ৰতিবাদকাৰী সকলে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে টায়াৰ আদি জ্বলাই কেবৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। উল্লেখ্য যে পুৱাৰ ভাগত এজন বিক্ষোভকাৰীয়ৈ উলংগ হৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত প্ৰবেশ কৰি জয় আই অসম ধ্বনিৰে এক উত্তেজিত পৰিবেশ সৃষ্টি কৰিবলৈ উদ্যত হৈছিল যদিও আৰক্ষীয়ে উক্ত প্ৰতিবাদকাৰী জনক আটক কৰিবলৈ সক্ষম হ’য়। ইয়াৰ লগতে নিশা ভাগতো বহু প্ৰতিবাদী জনতাই জোৰ লৈ চহৰখনত এক গোমা পৰিবেশ সৃষ্টি কৰি কেবৰ বিৰুদ্ধে তীব্ৰ বিৰোধ প্ৰকাশ কৰি সমদল বাহিৰ কৰে।

About Staff Reporter

চাব পাৰে

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  …

Leave a Reply

Your email address will not be published. Required fields are marked *