Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / গোলাঘাটত বিধায়ক মৃণাল শইকীয়াক গ্ৰেপ্তাৰৰ দাবীত সৰৱ প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী বিস্মিতা গগৈ

গোলাঘাটত বিধায়ক মৃণাল শইকীয়াক গ্ৰেপ্তাৰৰ দাবীত সৰৱ প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী বিস্মিতা গগৈ

গোলাঘাটত বিধায়ক মৃণাল শইকীয়াক গ্ৰেপ্তাৰৰ দাবীত সৰৱ প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী বিস্মিতা গগৈ, আছু : গোলাঘাট ,৪ জানুৱাৰী : চাবুৱাত অনুষ্ঠিত হোৱা বি জে পি ৰ এখন সভাত কা ৰ সপক্ষে মন্তব্য কৰিবলৈ গৈ প্ৰৰোচনামূলক ভাষণ দি ইতিমধ্যে জনৰোষত পৰিছে গোলাঘাট খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া। কা বিৰোধী পক্ষই এজনক মাৰিব তোমালোকে দহজনক মাৰিবা ,এটা ঘৰ জ্বলালে আমি দহটা ঘৰ জ্বলাম আদি অতি উত্তেজিত আৰু প্ৰৰোচনামূলক ভাষণ দিয়াত বিধায়ক জনৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে গোলাঘাটৰ ছাত্ৰ সংগঠন আছুকে কৰি কংগ্ৰেছ কৰ্মীসকল। কালি গোলাঘাট জিলা ছাত্ৰ সন্থাই এক প্ৰেছ মেলৰ যোগেদি বিধায়ক জনৰ এনে মন্তব্যৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বিধায়ক জনক অনতিপলমে গ্ৰেপ্তাৰৰ দাবী তোলে। সংগঠনটোৰ দাবী যে , যিটো সময়ত কাৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদ কৰি জনগণক সৰৱ কৰাৰ প্ৰচেষ্টাৰে জনমানসত নেতৃত্ব বহন কৰা কৃষক নেতা অখিল গগৈ, প্ৰাক্তন আলফা নেতা জিতেন দত্ত, লাচিত সেনাৰ সভাপতি শৃংখল চলিহা কে কৰি ৫ জনকৈ জননেতাক চৰকাৰে কৌশলেৰে কাৰাগাৰত নিক্ষেপ কৰি প্ৰতিবাদী কণ্ঠৰোধ কৰাৰ চেষ্টা কৰিছে। তেনেসময়ত বিধায়ক মৃণাল শইকীয়াই জনসাধাৰণক প্ৰৰোচিত কৰা এনে ভাষণৰ বিৰুদ্ধে চৰকাৰে কিয় কোনো ধৰণৰ পদক্ষেপ লোৱা নাই ,সেই লৈ প্ৰশ্ন তোলে। লগতে কা ৰ বিৰুদ্ধে অবিৰত আন্দোলন চলাই যোৱাৰ কথাও ব্যক্ত কৰে। একেদৰে আজি গোলাঘাটৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী তথা খুমাটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈয়েও হাবিয়াল গাওঁত কংগ্ৰেছ কৰ্মীক লক্ষ্যৰে গুলীচালনা ঘটনাৰ অভিযোগ আনি ন্যায়িক তদন্তৰ দাবী তুলি চৰকাৰৰ এনে হঠকাৰী মনোভাৱৰ তীব্ৰ সমালোচনা কৰে। বিগত কিছুদিন ধৰি খুমটাই সমষ্টিৰ বহুকেইখন ঠাইত বহু যুৱকৰ বাহন অনিষ্ট কৰা তথা শূণ্যলৈ গুলীচালনা কৰা আদি যি ঘটনা ঘটি আছে তাৰ আৰতো বিধায়ক জনৰ হাত থকাৰ সন্দেহ কৰি অভিযোগ অনাৰ লগতে বিধায়ক জনে চাবুৱাৰ এখন বিজেপি সভাত কৰা প্ৰৰোচনামূলক মন্তব্যৰ বাবে গ্ৰেপ্তাৰৰ দাবী তোলে।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *