Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গোলাঘাটৰ” বাটা” ৰ নতুন কেন্দ্ৰ মুকলি

গোলাঘাটৰ” বাটা” ৰ নতুন কেন্দ্ৰ মুকলি

গোলাঘাটৰ” বাটা” ৰ নতুন কেন্দ্ৰ মুকলি
–-––————————–

গোলাঘাট ১২ আগষ্ট : গোলাঘাটৰ ঐতিহ্যমণ্ডিত বাটা ৰ নতুন কেন্দ্ৰটি আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । গোলাঘাট নগৰত যোৱা প্ৰায় ৫০ বছৰ পূৰ্বৰে পৰা চলি থকা বাটা ৰ কেন্দ্ৰটি শেহতীয়াকৈ নতুনকৈ সজাই পৰাই তোলা হয় । সম্পূৰ্ণ বাতানুকূলযুক্ত নতুন কেন্দ্ৰটি আনুষ্ঠানিক ভাৱে মুকলি কৰে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈয়ে । এই কাৰ্যসূচীত বাটাৰ আঞ্চলিক প্ৰৱন্ধক ৰত্নৰাজ ৰয় , জিলা প্ৰৱন্ধক পাৰ্থ দে আৰু গোলাঘাট কেন্দ্ৰৰ প্ৰৱন্ধক ভাস্কৰ দে উপস্থিত থাকে । এই কাৰ্যসূচীত সাংবাদিক অমিত নাগৰি ,দিগন্ত চাহু, মালবিকা বৰা আদিয়ে অংশ লয় । বাটা ৰ নতুন কেন্দ্ৰ মুকলি কৰি ৰোহিত গগৈয়ে কয় বৰ্তমান প্ৰতিযোগিতা মূলক বজাৰ খনত বাটাই অন্য কোম্পানী সমূহক ফেৰ মাৰিব পৰাকৈ নতুন উদ্যমেৰে কাম কৰিছে, এয়া সঁচাকৈয়ে প্ৰশংসনীয় । গোলাঘাট বাটা কেন্দ্ৰটি নতুনকৈ সজাই পৰাই তোলাৰ লগতে সম্পূৰ্ণ বাতানুকূল কৰাত গ্ৰাহকক অধিক আকৰ্ষিত কৰিবলৈ সক্ষম হব ।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *