Thursday , April 9 2020
শেহতীয়া খবৰ
Home / মহানগৰ / গোল্ড জিম গণেশগুৰিৰ বাৰ্ষিকী আউটডোৰ ক্ৰিকেট টুৰ্ণামেন্ট সম্পন্ন

গোল্ড জিম গণেশগুৰিৰ বাৰ্ষিকী আউটডোৰ ক্ৰিকেট টুৰ্ণামেন্ট সম্পন্ন

 

চেম্পিয়ন খিতাপ দখল পৱিতৰা দলৰ

ষ্টাফৰিপৰ্টাৰ,,,,৯ ফেব্ৰুৱাৰী।।।।গুৱাহাটীৰ প্ৰিমিয়াম ফিটনেচ চেণ্টাৰ আৰু গোল্ড জিম গণেশগুৰিৰ উদ্যোগত আয়োজিত হোৱা বাৰ্ষিকী আউটডোৰ ক্ৰিকেট টুৰ্ণামেণ্ট (২০২০) সফলতাৰে সম্পন্ন হয়। মাছখোৱাৰ ঈদগাহ ফিল্ডত শনিবাৰে আয়োজন হোৱা এই ক্ৰিকেট টুৰ্ণামেন্টৰ পুৰুষ শাখাত চেম্পিয়ন খিতাপ দখল কৰিছে পৱিতৰা দলে। উক্ত টুৰ্ণামেন্টত দহটা দলে অংশগ্ৰহণ কৰিছিল। তাৰে পুৰুষ দলৰ লগতে মহিলা দলো আছিল।মহিলা দলৰ চেম্পিয়ন খিতাপ দখল কৰিছে নামেৰী দলে। পুৰুষ শাখাত চেম্পিয়ন খিতাপ দখল কৰা পৱিতৰা দলটোৰ নেতৃত্বত আছিল প্ৰতীক বৰবৰা। আনহাতে মহিলা শাখাৰ চেম্পিয়ন খিতাপ দখল কৰা নামেৰী দলটোৰ নেতৃত্বত আছিল হাচিনা বেগম। এই সন্দৰ্ভত গোল্ড জিমৰ ডাইৰেক্টৰ ৰাজীৱ জৈনে উল্লেখ কৰে যে বাৰ্ষিকী ক্ৰিকেট টুৰ্ণামেন্ট আয়োজন কৰা হৈছিল আমাৰ সদস্য সকলৰ মাজত। য’ত দহটা দলে অংশ লৈছিল”। আনহাতে এই সন্দৰ্ভত গোল্ড জিমৰ চি অ অৰ শ্বাচটিকা জৈনে পুৰুষ শাখাত পৱিতৰা দলে আৰু মহিলা শাখাত নামেৰী দলে খিতাপ অর্জন কৰা বুলি নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে। আনহাতে চেম্পিয়ন খিতাপ দখল কৰা দুয়োটা দলক পদক আগবঢ়াই প্রাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ আৰু জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোনোৱাৰে। উক্ত অনুষ্ঠানত খেলো ইণ্ডিয়াত পদক অর্জন কৰা সাঁতোৰবিদ ৰীনিতা গগৈক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে, গোল্ড জিমৰ চেণ্টাৰ সমগ্ৰ দেশত ১৬৫ টা আছে আৰু উত্তৰ পূৰ্বাঞ্চলত প্ৰখ্যাত এই গোল্ড জিমে গুৱাহাটী মহানগৰীত দীৰ্ঘদিনৰ পৰা ফিটনেচ চাৰ্ভিচ প্ৰদান কৰি আহিছে।

About Staff Reporter

চাব পাৰে

চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনায় ৰীতা দাস হজৰিকাই দুখীয়াৰ মাজত বিলালে সামগ্ৰী

  ষ্টাফৰিপোৰ্টাৰ, ৮ এপ্ৰিল : : বিশ্ব সন্ৰাস সৃষ্টি কাৰী কৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশত …

Leave a Reply

Your email address will not be published. Required fields are marked *