Friday , October 18 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / গোৰেশ্বৰ চেলেঞ্জ কাপ” ফুটবলত ভূটান ছেমিফাইনেলত

গোৰেশ্বৰ চেলেঞ্জ কাপ” ফুটবলত ভূটান ছেমিফাইনেলত

  • *গোৰেশ্বৰ চেলেঞ্জ কাপ” ফুটবলত ভূটান ছেমিফাইনেলত*

প্ৰতিবেদক, ৰঙিয়া ,৩০ ছেপ্টেম্বৰ :
গোৰেশ্বৰ আঞ্চলিক ট্ৰাইবেল ক্ৰীড়া সন্থাৰ উদ্যোগত গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকা “গোৰেশ্বৰ চেলেঞ্জ কাপ” ফুটবল প্ৰতিযোগিতাত ভূটানৰ ছান্দ্ৰুপজংখাৰ পাঞ্চালী এফ চিয়ে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আজি গাটছা আৰু ভূটানৰ পাঞ্চালী এফ চিৰ মাজত অনুষ্ঠিত হোৱা উত্তেজনাময় খেলখনত ২—০ গ’লৰ ব্যৱধানত  ভূটানে গাটছাক পৰাস্ত কৰে ।প্ৰতিকূল বতৰৰ মাজতো কেইবা শতাধিক খেলপ্ৰমী ৰাইজে তীব্ৰ প্ৰতিদ্বন্দিতা মূলক
খেলখন উপভোগ কৰি সন্তোষ লাভ কৰে ।খেলখনৰ আৰম্ভণিতে গোৰেশ্বৰ পৌৰসভাৰ উপ পৌৰপতি মন্টু ডেকাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। আজিৰ অন্তিম কোৱাৰ্টাৰ ফাইনেল খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদে লাইনত সহায় কৰে সতীশ ডেকা আৰু আনোৱাৰ হুছেইনে ।চতুৰ্থ ৰেফাৰীৰ আসনত থাকে নিপন বড়োয়ে ।অহা ২ অক্টোবৰত বিজনী ফেৰেগাং ক্লাৱে ডিমাকুছি ফুটবল একাদশৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব ।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।

About Staff Reporter

চাব পাৰে

বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অসমৰ খেলুৱৈৰ অংশগ্ৰহণ

বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অসমৰ খেলুৱৈৰ অংশগ্ৰহণ। পঙ্কজ নাথ, চাংসাৰি, ৫ অক্টোবৰ : উত্তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *