Thursday , November 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গোৱালপাৰাত মহিলা শক্তি কেন্দ্ৰ আঁচনি সন্দৰ্ভত প্ৰশিক্ষণ আৰু কৰ্মশালা সম্পন্ন

গোৱালপাৰাত মহিলা শক্তি কেন্দ্ৰ আঁচনি সন্দৰ্ভত প্ৰশিক্ষণ আৰু কৰ্মশালা সম্পন্ন

গোৱালপাৰা জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত মহিলা শক্তি কেন্দ্ৰ আঁচনি সন্দৰ্ভত প্ৰশিক্ষণ আৰু কৰ্মশালা সম্পন্ন

———–

গোৱালপাৰা জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত কালি ১৬ অক্টোবৰ তাৰিখে জিলা উপায়ুক্ত কাৰ্যালয়ত “মহিলা শক্তি কেন্দ্ৰ” আঁচনি খন কাৰ্যকৰী কৰাৰ সম্পৰ্কত  খণ্ড পৰ্যায়ৰ সমিতি সমূহৰ এক প্ৰশিক্ষণ আৰু কৰ্মশালাৰ আয়োজন কৰা হয় ৷ এই আঁচনিৰ জৰিয়তে উন্নয়ন খণ্ড পৰ্যায়ত মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱী ছাত্ৰ ছাত্ৰী (এনচিচি,এনএছএছ সদস্য) বৰ্গৰ  জৰিয়তে গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ সবলীকৰণ তথা উন্নয়নৰ বাবে দক্ষতা বিকাশ,সংস্থাপন,অংকীয় শিক্ষা,স্বাস্থ্য আৰু পুষ্টি বিকাশ সাধন তথা সজাগতা প্ৰশিক্ষণ আৰু যোগ্যতা বিকাশৰ বাবে বিভিন্ন সজাগতামূলক অনুষ্ঠান তথা কাৰ্যক্ৰমৰ ব্যৱস্থা কৰা হ’ব ৷ মহিলা সংক্ৰান্তীয় সকলো আঁচনিৰ কেন্দ্ৰবিন্দু হ’ব এই মহিলা শক্তি কেন্দ্ৰ সমূহ ৷ প্ৰশিক্ষণ আৰু কৰ্দশালা অনুষ্ঠান খনি উদ্বোধন কৰি জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই খণ্ড পৰ্যায়ৰ সমিতিৰ সদস্য সকলক উদ্দেশ্যি মহিলা শক্তি কেন্দ্ৰ আঁচনি খনৰ সন্দৰ্ভত এই দৰে কয় ৷ লগতে তেওঁ খণ্ড পৰ্যায়ৰ সকলো বিষয়া আৰু সমিতিৰ সদস্য সকলক খণ্ড পৰ্যায়ৰ সকলোবোৰ কাম কাজ  সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবেও আহ্বান জনায় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত সমাজ কল্যাণ বিভাগ,জিলা সমাজ কল্যাণ বিষয়া,মন্দিৰা বৰুৱা শাখা সঞ্চালক,সমাজ কল্যাণ,ৰুবী ভাগৱতী শৰ্মা,ৰাজ্যিক প্ৰকল্প সমন্বয়ক,মহিলাৰ ৰাজ্যিক সমল কেন্দ্ৰ,নিলাক্ষী শৰ্মা,ৱমেন হেল্প লাইন ১৮১ সঞ্চালক,শিশু বিকাশ আৰু প্ৰকল্প বিষয়া গোৱালপাৰা,মহিলা কল্যাণ বিষয়া হিমাশ্ৰী সিনহা,জিলা সমন্বয়ক ক্ৰমে সংগীতা বড়া আৰু ময়ুৰী অধিকাৰী আৰু খন্ড পৰ্যায়ৰ সমিতিৰ সদস্য সকল ৷ অনুষ্ঠানত সমাজ কল্যাণ সঞ্চালকালয়ৰ পৰা অহা মন্দিৰা বৰুৱাই মহিলা শক্তি কেন্দ্ৰ আঁচনি খনৰ সম্পৰ্কে প্ৰশিক্ষণ আগবঢ়ায় ৷ মহিলা ৰাজ্যিক সমল কেন্দ্ৰৰ ৰাজ্যিক প্ৰকল্প সমন্বয়ক ৰুবী ভাগৱতী শৰ্মাই মহিলা সম্পৰ্কীয় বিভিন্ন আঁচনি সমূহৰ বিষয়ে খণ্ড পৰ্যায়ৰ সমিতি সমূহৰ আগত ব্যাখ্যা আগবঢ়ায় ৷ নিলাক্ষী শৰ্মাই মহিলাৰ বিৰুদ্ধে সংঘটিত ঘৰুৱা হিংসা,হত্যা,নিৰ্যাতন,ডাইনী হত্যা,নাৰী সৰবৰাহ আদিৰ বিষয়ে অৱগত কৰে ৷ শেষত জিলা অতিৰিক্ত উকায়ুক্ত সমাজ কল্যাণ বিভাগে শিশু উন্নয়ন প্ৰকল্প বিষয়া সকলক খণ্ড পৰ্যায়ৰ সমিতিৰ কাৰ্যালয় স্থাপনৰ বাবে আহ্বান জনায় ৷ আনহাতে সমাজ কল্যাণ বিষয়া দেৱেন ভূঞাই শলাগৰ শৰাই আগবঢ়ায় বুলি জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া সুপ্ৰভা ৰায়ে এক প্ৰেছ বাৰ্তাৰ জৰিয়তে সংবাদ মাধ্যমক অৱগত কৰিছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

××× ××× ××× ××× ××× ×××

About Staff Reporter

চাব পাৰে

সৰ্ব হিন্দুস্তানী মহিলা পৰিষদ গঠন

  ষ্টাফৰিপৰ্টাৰ ২০ নৱেম্বৰ : সৰ্ব হিন্দুস্তানী যুৱ পৰিষদ অসমৰ এখন সভা দেওবাৰে বৰপেটা ৰোডৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *