Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গোৱালপাৰাৰ মৰনৈত জিলা প্ৰশাসনৰ সুৰা বিৰোধী অভিযান

গোৱালপাৰাৰ মৰনৈত জিলা প্ৰশাসনৰ সুৰা বিৰোধী অভিযান

গোৱালপাৰাৰ মৰনৈত জিলা প্ৰশাসনৰ সুৰা বিৰোধী অভিযানঃবুজন পৰিমাণৰ অবৈধ সুৰা সহ মহিলা গ্ৰেপ্তাৰ

________

অবৈধ সুৰাৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধংদেহি স্থিতি গ্ৰহণ কৰিছে গোৱালপাৰা জিলা প্ৰকাশনে ৷ ইতিমধ্যে বহু কেইটা অবৈধ সুৰা তথা চুলাইৰ ঘাটি উচ্ছেদ কৰা গোৱালপাৰা জিলা প্ৰশাসনে আজিও জিলাখনৰ মৰনৈ অঞ্চলত সুৰা বিৰোধী অভিযান চলায় ৷ জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ তত্বাবধানত কাৰ্যবাহী দণ্ডাধীশ সুপ্ৰভা ৰয় আৰু জিলা মাদক দ্ৰব্য নিবাৰণী বিভাগে চলোৱা এই অভিযান কালত এগৰাকী মহিলাৰ গৃহৰ পৰা বুজন পৰিমাণৰ অবৈধ সুৰা জব্দ কৰা হয় ৷ জব্দ কৰা সুৰা খিনিৰ মাজত আছে ৬’৫ লিটাৰ বিদেশী সুৰা আৰু ৬৫০ মিঃলিঃ জোখৰ কেবাটাও বিয়েৰৰ বটল ৷ সুৰা খিনি জব্দ কৰাৰ লগতে সুৰা খিনি অবৈধ ভাৱে মজুত ৰখা মৰনৈৰ লক্ষী বালা দাসকো অভিযানকাৰীৰ দলটোৱে গ্ৰেপ্তাৰ কৰিছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *