Monday , February 17 2020
শেহতীয়া খবৰ
Home / মহানগৰ / গ্লোবেল থিয়েটাৰ ফেষ্টিডেল ২০২০” সামৰণি অসমৰ ব্ৰহ্মপুত্ৰ কালচাৰেল ছ’চাঁইটি অধ্যক্ষ মৌচুমী ডেকাক “নৃত্য ভূষণ” বঁটা প্ৰদান

গ্লোবেল থিয়েটাৰ ফেষ্টিডেল ২০২০” সামৰণি অসমৰ ব্ৰহ্মপুত্ৰ কালচাৰেল ছ’চাঁইটি অধ্যক্ষ মৌচুমী ডেকাক “নৃত্য ভূষণ” বঁটা প্ৰদান

 

ষ্টাফৰিপোৰ্টাৰ, ১৩ ফেব্ৰুৱাৰী : থিয়েটাৰ মুভনেন্ট কটক, উৰিষ্যাৰ উদ্যোগত, অলপতে সামৰণি পৰা “গ্লোবেল থিয়েটাৰ ফেষ্টিডেল ২০২০” ত অসমৰ ব্ৰহ্মপুত্ৰ কালচাৰেল ছ’চাঁইটি অধ্যক্ষ মৌচুমী ডেকাক নৃত্য ভূষণ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়।কটকৰ কলা বিকাশ কেন্দ্ৰৰ মঞ্চৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। উল্লেখ বিগত কেইবাবছৰ ধৰি মৌচুমী ডেকাই ৰাজ্য খনৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ বিশেষকৈ শিশু সকলক লোক নৃত্য, শাস্ত্ৰীয় আৰু সৃষ্টিশীল নৃত্যৰ প্ৰতি আকৰ্ষিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। সেইদৰে তেওঁৰ তত্বাৱধানত গঢ়ি উঠা ব্ৰহ্মপুত্ৰ কালচাৰেল ছ’চাঁইটিৰ শিশু শিল্পী সকলে এইবাৰো কটকত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰে।

About Staff Reporter

চাব পাৰে

সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভা

  ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভাখন …

Leave a Reply

Your email address will not be published. Required fields are marked *