Thursday , July 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গ্ৰন্থ উন্মোচনী অনুষ্ঠান

গ্ৰন্থ উন্মোচনী অনুষ্ঠান

 

ষ্টাফ ৰিপোৰ্টাৰ:যুৱ প্ৰজন্মৰ মাদক দ্ৰব্যৰ প্ৰতি থকা ভয়ানক আসক্তি আৰু যুৱ প্ৰজন্মক পংগু কৰা ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ে সকলোকে অৱগত কৰোৱাৰ উদ্দেশ্যে তগৰ সাংস্কৃতিক গ্রুপৰ সৌজন্যত ইতিহাস থিয়েটাৰৰ ২০১৭-১৮ নাট্যবৰ্ষত মঞ্চস্থ কৰা নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ “মানুহ খোৱা বাঘ” শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ছপা ৰূপত উন্মোচন কৰা হয়। এই নাটকখন গ্ৰন্থ ৰূপে প্ৰকাশ কৰে যোগেশ কাশ্যপে। গ্ৰন্থখন উন্মোচন কৰি অভিনেতা মৃদুল ভূঞাই কয় “নাট এখন ছপা ৰূপত প্ৰকাশ কৰাটো খুব ডাঙৰ কথা। এই গ্ৰন্থখন পঢ়ি ৰাইজে নতুন ঘটনা, নতুন সোৱাদ তথা এক সমাজৰ বাবে বাৰ্তা লাভ কৰিব পাৰিব।” ধ্ৰুৱজ্যোতি সৰ্ম্মাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী, নাট্যকাৰ সাংবাদিক অভিজিত ভট্টাচাৰ্য, আদিকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি।

About Staff Reporter

চাব পাৰে

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান (ফটো)

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান৷

Leave a Reply

Your email address will not be published. Required fields are marked *