Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / গ্ৰন্থ উন্মোচনী আৰু আলোচনা সভা

গ্ৰন্থ উন্মোচনী আৰু আলোচনা সভা

 

ষ্টাফ ৰিপোৰ্টাৰ,,,, ১২ জানুৱাৰী।।। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত কাস্তুৰী প্ৰকাশনৰ দ্বাৰা এখন আলোচনা সভা আৰু গ্ৰন্থ উন্মোচন সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভনিতে বেনাৰসৰ সাহিত্য সংস্থা, “মাতৃভাষা” বোলি সংগম”ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিশিষ্ট লেখক জ্ঞানপ্ৰকাশ যাদৱে বৰ্তমান সময়ৰ সাহিত্যৰ মান সম্পৰ্কে আলোচনা কৰে। উক্ত সভাৰ লগত সংগতি ৰাখি তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট লেখক গিৰিশ কলিতাৰ গ্ৰন্থ সংকলন “শৱেদেহৰ চৌপাশে বন্য জুন্তুবোৰ”উন্মোচন কৰে ড০ শশীন্দ্ৰ কুমাৰ কাকতীয়ে।
কুন্তলা দত্তৰ গল্প সংকলন ” দিনাৰ্দ্ধৰ সংগী” উন্মোচন কৰে বিশিষ্ট লেখিকা শশীপ্ৰভা দাসে। আনহাতে চাৰুপ্ৰভা কাকতিৰ গল্প সংকলন ” মাজ নিশাৰ বাদ্য”গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখিকা হৰপ্ৰিয়া বৰুকিয়াল বৰগোহাঞিয়ে। কাস্তুৰী প্ৰকাশনৰ স্বত্বাধিকাৰী খনীন মেধিয়ে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

About Staff Reporter

চাব পাৰে

প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে

    ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আছুৰ প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ …

Leave a Reply

Your email address will not be published. Required fields are marked *