Thursday , July 18 2019
শেহতীয়া খবৰ
Home / সাহিত্য / গ্ৰন্থ উন্মোচনী সভা

গ্ৰন্থ উন্মোচনী সভা

 

ষ্টাফ ৰিপোৰ্টাৰ,,,২৭, ফেব্ৰুৱাৰী।।।। “আবু চুফীয়ানৰ আৰক্ষী বিষয়া হিচাপে এক সুনাম আছে। অসমৰ উচ্চ পদৰ আৰক্ষী বিষয়া কেইবাগৰাকীকো মই লগ পাইছোঁ যিসকলে সু- সাহিত্যিক হিচাপে নাম কৰিছে। সকলোৰে মনত কিছুমান কথা নিহিত হৈ থাকে, সেইজন সাংবাদিককেই হওঁক বা আৰক্ষীয়ে হওঁক, কিছুমানে নিজৰ মনৰ ভাব গ্ৰন্থ আকাৰে লিখি ৰাইজৰ আগত উলিয়াই দিব খোজে। এখন গ্ৰন্থ লিখি উলিওৱাটো কিমান ফুৰ্তিৰ কথা, সেইটো লেখকেহে গ’ম পায়। মই এনেদৰে লিখা আৰু এনে বিষয়ত লিখা মানুহক অনুপ্ৰাণিত কৰিব বিচাৰো। বিশ্বায়নৰ ওপৰত লিখাটো খুউব ডাঙৰ কথা। আজি সমাজ তথা দেশৰ মূল ৰোগটোৱেই হ’ল বিশ্বাায়ন। আজিৰ সমাজক বিশ্বায়নৰ বিষাক্ত বতাহে আক্ৰান্ত কৰিলে। সকলো সমস্যাৰ মূলত এই বিশ্বায়ন। গতিকে বিশ্বায়নৰ ওপৰত সাৱলীল ভাষাত খুব সুন্দৰ ভাৱে সকলোৱে বুজি পোৱাকৈ গ্ৰন্থখন লিখি উলিওৱা বাবে মই লেখকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰিছো যাতে গ্ৰন্থখন ৰাইজে আদৰি লয়”। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া আবু চুফীয়ানৰ প্ৰবন্ধ সংকলন “বিশ্বায়নৰ বিভ্ৰাট’ উন্মোচন কৰি এনেদৰে কয় বিশিষ্ট সাংবাদিক, চিন্তাবিদ অজিত কুমাৰ ভূঞাই। বিশিষ্ট লেখক ডঃ দীনেশ বৈশ্যই সভাপতিত্ব কৰা উক্ত সভা খনত লেখক আবু চুফীয়ানে গ্ৰন্থখনৰ বিষয়ে চমু আভাষ দাঙি ধৰে। উক্ত সভাত শিক্ষাবিদ ড০ আতুৱাৰ ৰহমান, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, বিশিষ্ট শিক্ষাবিদ আব্দুল মান্নান, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অৱসাৰপ্ৰাপ ডীন ড০ দ্বীপেদ্ৰ দত্তৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

“উত্তৰ -পূৱ ভাৰতবৰ্ষত লিংগ আৰু গণতন্ত্ৰ” শীৰ্ষক গ্ৰন্থ উন্মোচন

  ষ্টাফ ৰিপোৰ্টাৰ,,,,১ জুন।।।গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু পূৰ্বাঞ্চল প্ৰকাশৰ সহযোগত শনিবাৰে গুৱাহাটী …

Leave a Reply

Your email address will not be published. Required fields are marked *