Friday , May 24 2019
শেহতীয়া খবৰ
Home / সাহিত্য / গ্ৰন্থ উন্মোচনী সভা

গ্ৰন্থ উন্মোচনী সভা

 

ষ্টাফ ৰিপোৰ্টাৰ,,,২১ এপ্ৰিল।। দেওবাৰে পাঞ্জাবাৰীস্থিত ‘বিপণন ক্ষেত্ৰৰ ‘ৰুফটপ’ৰ মুকলি মঞ্চত উদ্যোগী তথা অভিযন্তা নয়নজ্যোতি ভট্টাচাৰ্যৰ প্ৰথমখন উপন্যাস “ধুমুহাৰ ফুল” উন্মোচন কৰা হয়। প্ৰাক স্বাধীনতা কালৰ এখন নিভাঁজ গাঁওৰ পাৰিবাৰিক, সামাজিক সংঘাতৰ পটভূমিক লৈ ৰচনা কৰা উপন্যাস খন উন্মোচন কৰে বিশিষ্ট কবি “আনিছ উজ- জামানে। উন্মোচনী ভাষণত তেওঁ কয়-“নয়নজ্যোতি ভট্টাচাৰ্য নিজেই এগৰাকী উপন্যাস। তেওঁৰ অভিজ্ঞতা সাৱলীল, ভাষা সাৱলীল। এইয়া আৰম্ভণি আৰু শেষ নহয়। ইয়াৰ পিছত এখন কবিতা পুথি পাম বুলি আশা কৰিলোঁ। তেওঁৰ ওঁঠত ভাষা আৰু কলমত শক্তি আছে”। বিশিষ্ট চিত্ৰ শিল্পী মধুসূদন দাসে আঁত ধৰা উক্ত উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী,জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্র নাথ চক্ৰৱৰ্তী, চিত্ৰ শিল্পী বীৰেণ সিংহ অভিনেতা প্ৰাঞ্জল শইকীয়াকে ধৰি কেইবাগৰাকীও গণ্য- মান্য ব্যক্তি।

About Staff Reporter

চাব পাৰে

গ্ৰন্থ উন্মোচনী সভা

  ষ্টাফ ৰিপোৰ্টাৰ,,,২৭, ফেব্ৰুৱাৰী।।।। “আবু চুফীয়ানৰ আৰক্ষী বিষয়া হিচাপে এক সুনাম আছে। অসমৰ উচ্চ পদৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *