Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / সাহিত্য / গ্ৰন্থ উন্মোচনী সভা

গ্ৰন্থ উন্মোচনী সভা

 

ষ্টাফৰিপৰ্টাৰ, ২৯ ,মে’ :আজি আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। দিনৰ ১ বজাত অনুষ্ঠিত উক্ত সভাখন পৰিচালনা কৰে গীতানগৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ভূপেন শৰ্মাই। ঘন শইকীয়াই লিখা ‘অসমত শঙ্কৰদেৱৰ ধৰ্ম আৰু ভক্তি তত্ত্ব দৰ্শন’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰি প্ৰখ্যাত চিকিৎসক ডঃ জনাৰ্দন বেজবৰুৱাই কয় ‘শ্ৰদ্ধেয় শইকীয়া দেৱে মহাপুৰুষ শংকৰদেৱক লৈ লিখা গ্ৰন্থখন অতি উৎকৃষ্ট আৰু সময় সাপেক্ষিক হৈছে ।সমাজখন যি সময়ত এক দ্বিখণ্ডিত পৰ্যায়লৈ গতি কৰিছে তাৰ প্ৰতিকাৰ স্বৰুপে শংকৰ দর্শন আৰু ইয়াৰ প্ৰচাৰৰ বৰকৈ প্ৰয়োজন।’ উক্ত সভাখনত আন কেবাজনো বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

“উত্তৰ -পূৱ ভাৰতবৰ্ষত লিংগ আৰু গণতন্ত্ৰ” শীৰ্ষক গ্ৰন্থ উন্মোচন

  ষ্টাফ ৰিপোৰ্টাৰ,,,,১ জুন।।।গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু পূৰ্বাঞ্চল প্ৰকাশৰ সহযোগত শনিবাৰে গুৱাহাটী …

Leave a Reply

Your email address will not be published. Required fields are marked *