Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / গৰীয়া-মৰিয়া-দেশীৰ দৰে কাছাৰী মুছলমানৰো হ’ব জৰীপ*

গৰীয়া-মৰিয়া-দেশীৰ দৰে কাছাৰী মুছলমানৰো হ’ব জৰীপ*

 

_৭ মার্চত দিছপুৰত মন্ত্ৰী ৰঞ্জিত দত্তৰ সঞ্চালনাত প্ৰতিনিধিত্বমূলক সভা_

 

ষ্টাফৰিপোৰ্টাৰ, ২৬ ফেব্ৰুৱাৰী: গৰিয়া, মৰিয়া, দেশী আৰু জোলহা আদি খিলঞ্জীয়া মুছলিম জনগোষ্ঠীসমূহৰ দৰে ৰাজ্যৰ কাছাৰী মুছলিম জনগোষ্ঠীৰো আৰ্থ-সামাজিক অৱস্থাৰ জৰীপ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ এই সন্দর্ভত আলোচনা কৰিবৰ বাবে ৭ মার্চৰ দিনা অসম চৰকাৰৰ সংখ্যালঘু বিভাগে এখন বৈঠকৰ আয়োজন কৰিছে৷ বিভাগীয় মন্ত্ৰী ৰঞ্জিত দত্তৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত জনগোষ্ঠীটোৰ বিভিন্ন সংগঠন আৰু নির্বাচিত বিশিষ্ট ব্যক্তিসকলে অংশ গ্ৰহণ কৰিব৷ গৰিয়া, মৰিয়া, জোলহা আদি জনগোষ্ঠীৰ আৰ্থ-সামাজিক জৰীপ কৰোৱাৰ বিষয়টো আলোচনা কৰিবৰ বাবে ১১ ফেব্ৰুৱাৰীৰ দিনা বিভাগীয় মন্ত্ৰী দত্তৰ সঞ্চালনাত জনগোষ্ঠীসমূহৰ সংগঠনসমূহৰ সৈতে এখন সভা অনুষ্ঠিত হৈছিল৷  তাৰ পিছতে বৰাক উপত্যকাৰ তিনিখন জিলাৰ লগতে হোজাই জিলাকে ধৰি ৰাজ্যৰ অন্য ঠাইত বসবাস কৰি থকা কাছাৰী জনগোষ্ঠীয় সংগঠনসমূহেও অনুৰূপ জৰীপৰ দাবী উত্থাপন কৰে৷
নিজকে গৰিয়া-মৰিয়াৰ অনুৰূপ খিলঞ্জীয়া বুলি দাবী কৰি জনগোষ্ঠীটোৰ সংগঠনসমূহে যোৱা দুসপ্তাহ ধৰি বিভাগৰ উচ্চপদস্ত বিষয়াসকলৰ লগতে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দত্ত আৰু মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালক পৃথকে পৃথকে সাক্ষাৎ কৰে৷ ২৪ ফেব্ৰুৱাৰীত অসম বিধান সভাৰ উপাধ্যক্ষ আমিনুল ইছলাম লস্কৰৰ নেতৃত্বত জনগোষ্ঠীটোৰ বৃহৎ প্ৰতিনিধি দল এটাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ নির্দেশতে সংখ্যালঘু বিভাগে উল্লিখিত সিদ্ধান্ত গ্ৰহণ কৰে৷

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *