Wednesday , January 29 2020
Home / আঞ্চলিক / চতুৰ্থ আই চি চি খুচুৰা সঞ্চয়ৰ সুবিধা সন্মিলন

চতুৰ্থ আই চি চি খুচুৰা সঞ্চয়ৰ সুবিধা সন্মিলন

 

ষ্টাফৰিপৰ্টাৰ , ২২ নৱেম্বৰ : গুৱাহাটীত শুকুৰবাৰে অনুষ্ঠিত হ’ল চতুৰ্থ আই চি চি খুচুৰা সঞ্চয়ৰ সুবিধা সন্মিলন। সন্মিলনত গুৱাহাটীৰ ইণ্ডিয়ান বেংকৰ মাণ্ডলিক প্ৰবন্ধক তন্ময় দে সৰকাৰে কয় ” বিনিয়োগৰ পৰিকল্পনা প্ৰাৰম্ভিক বয়সতেই কৰা উচিত। প্ৰতিমাহে অতি কমেও ৩০ টকাকৈ ( প্ৰতিদিনে ১ টকা) জমা কৰি এটা শিশুৱে তেওঁৰ পচ্ছাদ বয়সত বৃহৎ সঞ্চয় গঢ়ি তুলিব পাৰে। তদুপৰি ই উপাৰ্জন বৃদ্ধি কৰিব পাৰে আৰু এই উপাৰ্জন উপযুক্ত বিনিয়োগ পৰিকল্পনাৰ দ্বাৰা বৃদ্ধি কৰিব পাৰি।” সন্মিলনত উপস্থিত থাকি ভাৰতীয় সুৰক্ষা আৰু প্ৰতিভূতি বর্ডৰ পূৱ মণ্ডলৰ উপ মহা প্ৰবন্ধক বিকাশ এছ এছে কয় ” বিত্তীয় পৰিকল্পনাৰ বাবে শ্ৰেষ্ঠতম উপয়াটো হ’ল বৈচিত্ৰকৰণৰ প্ৰক্ৰিয়া অৱলম্বন কৰা। ছেবিয়ে সক্ৰিয়ভাৱে বিনিয়োগকাৰীৰ ধনৰ সুৰক্ষা আৰু নিয়ামক ব্যৱস্থাৰ ওপৰত দৃষ্টি ৰাখি আহিছে আৰু সেইবাবেই বিনিয়োগ কাৰীয়ে বিনিয়োগ কৰাৰ পূৰ্বে তথ্যৰ উৎসৰ প্ৰমানিকৰণ কৰাটো আবশ্যক।”সন্মিলনত ফাইনাৰৰ সঞ্চালক বিনীত ট’ডীয়ে কয় ” ব্যয় আৰু সঞ্চয়ক অগ্ৰাধিকাৰ দিয়াৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। লগতে কয় ” মানুহে সঞ্চয় আৰু উপযুক্ত বিনিয়োগ পৰিকল্পনাত গুৰুত্ব দিয়া উচিত।” সন্মিলনত নিপ্পন ইণ্ডিয়া মিউচুৱেল ফাণ্ডৰ শাখা মূৰব্বী – ডিজিটেল বিজনেজ মানস শুক্লাৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *