Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / চফাই অভিযানত নামিল কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই

চফাই অভিযানত নামিল কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই

চফাই অভিযানত নামিল কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলি, , ৯ অক্টোবৰ:- নদীৰ ঘাটত বিসৰ্জন দিয়া পতিমা সমুহ দ্বিতীয় দিনাখন চাফা কৰি নদীৰ পাৰত তুলি হয় জ্বলাই দিয়ে, নহয় গাঁত খান্দি পুতি থব লাগে। যাতে পানীত কোনো বিষক্ৰিয়া নহয় , এই চফাই অভিযান এদিন ৰাইজে মিলি কৰিব লাগে এই মন্তব্য বিহালীৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ ।
যোৱা কালি উলহ- মালহৰে সমগ্ৰ ৰাজ্যত উদযাপন কৰা হয় বিজয় দশমী । পুজা সমিতি সমূহে নদীৰ ঘাট সমূহত দুৰ্গা দেবীক বিসৰ্জন দিয়াৰ লগতে নদীত উটুয়াই দিলে পুজাত ব্যবহাৰ কৰা বিভিন্ন সা- সামগ্ৰী । ৰাসায়নিক দ্ৰব্যৰে নিৰ্মিত এই পুজাৰ সামগ্ৰী সমূহে যাতে জলচৰ প্ৰাণী সমূহৰ লগতে নদীৰ পানীৰ কোনোধৰণৰ ক্ষতি সাধন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি বিজেপিৰ বিহালী আৰু বাঘমৰা মণ্ডল সমিতিৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠন ভৰষা, বৰগাং বণিক সন্থাৰ সহযোগত অনুষ্ঠিত হয় স্বচ্ছতা অভিযান ৷ অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই বিহালীৰ বৰগাং নৈত উপস্থিত হৈ নিজেই চলালে এই চাফাই অভিযান । এই চাফাই অভিযানৰ সময় ছোৱাত মন্ত্ৰীগৰাকীক প্ৰায় ৩ শতাধিক বিজেপি কৰ্মীয়ে সহযোগ কৰাৰ লগতে মন্ত্ৰী গৰাকীয়ে নিজৰ পুত্ৰ আৰু কন্যাক লগত লৈ ৰাইজৰ মাজত এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম মন্ত্ৰী দত্তই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেনেকৈ গংগা নদীখন চাফা কৰি ৰাখিব পাৰিছে ঠিক তেনেকৈ আমিও এই নদী খন চাফা কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ মাত্ৰ ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন বুলি উল্লেখ কৰে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী গৰাকীয়ে ।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *