Monday , January 27 2020
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / চলচ্চিত্ৰ কেৱল বিনোদনৰ বাবে নহয় ইয়াৰ অন্যান্য দিশ আছে — পবিত্ৰ মাৰ্ঘেৰিটা

চলচ্চিত্ৰ কেৱল বিনোদনৰ বাবে নহয় ইয়াৰ অন্যান্য দিশ আছে — পবিত্ৰ মাৰ্ঘেৰিটা

 

ষ্টাফৰিপৰ্টাৰ ৪ নৱেম্বৰ : তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পঞ্চম দিনাও কলৰসিকৰ অভূতপূৰ্ব ভিৰ পৰিলক্ষিত হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ বাকৰিত। সোমবাৰে পুৱা ১০.৩০ বজাৰ পৰা বিশ্বৰ আগশাৰীৰ চিত্ৰনির্মাতাৰ চলচ্চিত্ৰ উপভোগ কৰিবলৈ দীঘলীয়া শাৰী পাতে কলাৰসিকে। সোমবাৰে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ লগতে অন্যান্য দর্শকেও উপভোগ কৰিলে দেশ বিদেশৰ চলচ্চিত্ৰ। লগতে ৰিমা দাসৰ আন্ত: ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত “”বুলবুল কেন ছিং’ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ
আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পুৱা ১০.৩০ বজাত প্ৰদৰ্শন কৰা হয়। ‘বুলবুল কেন ছিং’ চাবলৈ সোমবাৰে পুৱাৰ ভাগত বহু সংখ্যক দৰ্শকৰ সমাগম হয়। দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখি ৰিমা দাসে কয় “দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখি অভিভূত হৈছোঁ। লগতে এই মহোৎসৱৰ সফলতা কামনা কৰে। লগতে বাংলাদেশ নুৰ ইমৰাণ মিঠু পৰিচালিত “এন অৰেঞ্জ চিপ ( কমলা ৰকেট) আৰু অৰ্জুন দত্ত পৰিচালিত বঙালি চলচ্চিত্ৰ ”অব্যক্ত” (আনচেইড”) চাবলৈ দৰ্শকৰ হেতা ওপৰা লাগে। সেইদৰে দক্ষিণ কোৰিয়া, ৰাছিয়া, চীন আদিৰ চলচ্চিত্ৰ কলাক্ষেত্রৰ প্ৰেক্ষাগৃহ আৰু জ্যোতি চিত্ৰৱনৰ প্ৰেক্ষাগৃহত যথেষ্ট ভিৰ পৰিলক্ষিত হয়।কাইলৈ চুইদেন, স্পেইন, ভুটান, জাপান, বাংলাদেশ, তুৰ্কী আদি দেশৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব। এই মহোৎসৱ সম্পর্কে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই কয় ” অসম চৰকাৰৰ প্ৰচেষ্টাত আৰু
জ্যোতি চিত্ৰবনৰ উদ্যোগত আৰু ডঃ ভূপেন হাজৰিকা অঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত অনুষ্ঠিত এই মহোৎসৱলৈ দৰ্শকৰ সঁহাৰি দেখি অভিভূত হৈছোঁ। এইবাৰ ৭ হাজাৰৰো আদিকে মহোৎসৱৰ বাবে নাম পঞ্জীয়ন কৰিছে। এতিয়ালৈকে ১২ ৰ পৰা ১৩ হাজাৰ চিত্ৰানুৰাগীৰ সমাগম হৈছে মহোৎসৱত।অধিকাংশ যুৱ প্ৰজন্মই মহোৎসৱলৈ ইতিবাচক সঁহাৰি আগবঢ়াইছে । আমি নিজাববীয়াকৈ প্ৰতিদিনে গুৱাহাটীৰ পাৰ্শ্ববৰ্তি ৯ -১০ খন জিলাৰ পৰা ২ হাজাৰ শিক্ষাৰ্থী বাছেৰে অনা নিয়াৰ ব্যৱস্থা কৰিছোঁ। আনহাতে ৭০০ত কৈ অধিক শিক্ষাৰ্থী কলাক্ষেত্র আৰু শিল্পগ্রামত আছে। উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্য আৰু চুবুৰীয়া কেইবাখনো ৰাজ্যৰ শিক্ষাৰ্থী ৰ সমাগম ঘটিছে এই মহোৎসৱত। তেওঁলোকে অন্যান্য দেশৰ সংস্কৃতি, ইতিহাস, জীৱন চর্যা, আদি সম্পৰ্কে পৰিচয় হোৱাৰ সুযোগ লাভ কৰিছে। এক বিশ্বজনীন সম্পৰ্ক গঢ়ি তোলাত সফল হৈছে। সমান্তৰালকৈ আমি বিদ্যায়তনিক দিশতো গুৰুত্ব আৰোপ কৰিছোঁ। বিভিন্ন বিশ্ববিশ্ৰুত ব্যক্তিৰ সৈতে বিভিন্ন কৰ্মশালা, আলোচনা চক্ৰ, অন্তৰংগ আলাপ অনুষ্ঠানত শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। এই মহোৎসৱ সফল কৰি তোলাৰ বাবে বিত্ত মন্ত্রী ড0 হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলেক ধন্যবাদ জনালোঁ।”
উল্লেখ জ্যোতি চিত্ৰবনৰ উদ্যোগত আৰু ডঃ ভূপেন হাজৰিকা অঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত ৩১ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা তৃতীয় গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৬ নৱেম্বৰত সামৰণি পৰিব। এই মহোৎসৱত ৬৫ খন দেশৰ মুঠ ১০০ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব । “বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ সমগ্ৰ পৃথিৱীখনেই এক পৰিয়াল আৰু চিন্তাধাৰাৰে উজ্জীৱিত গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত এইবাৰ ‘ কাণ্ট্ৰী অৱ ফকাছ’ হৈছে ইৰাণ আৰু ” ৰিজন অৱ ফকাছ’ হ’ল লেটিন আমেৰিকা। এই মহোৎসৱৰ মুকলি মঞ্চত প্ৰতিদিনে বৰ্ণাঢ্য সংস্কৃতিক অনুষ্ঠিত অনুষ্ঠিত হৈছে।

About Staff Reporter

চাব পাৰে

চিৰসেউজ অভিনেতা বিজু ফুকনৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : চিৰসেউজ অভিনেতা বিজু ফুকনৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী।দুটা বছৰহে পাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *