Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / চাংসাৰি উত্তৰ গুৱাহাটীত কেক কাটি, গছপুলি ৰোপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীৰ জন্মদিন উদযাপন

চাংসাৰি উত্তৰ গুৱাহাটীত কেক কাটি, গছপুলি ৰোপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীৰ জন্মদিন উদযাপন

চাংসাৰি উত্তৰ গুৱাহাটীত কেক কাটি, গছপুলি ৰোপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীৰ জন্মদিন উদযাপন ।

পঙ্কজ নাথ, চাংসাৰি, ১৭ ছেপ্টেম্বৰ :

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিনটো দেশজুৰি উদযাপিত হৈছে প্ৰধান মন্ত্ৰী মোডীৰ জন্মদিন। বেজেৰা মণ্ডল বিজেপিৰ চাংসাৰিস্থিত কাৰ্যালয়ত উদযাপিত কৰা হল প্ৰধানমন্ত্ৰীৰ ওপজা দিন। দলীয় কৰ্মীয়ে কেক কাটি উদযাপন কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৬৯ তম জন্ম দিন । ইয়াৰ পুৰ্বে ভাৰত মতাৰ প্ৰতিচ্ছবিত বন্তী প্ৰজ্বলন কৰি বক্তাসকলে ৰোমন্থন কৰে নেতাগৰকীৰ গুণ গৰিমা । ইয়াৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীৰ দীৰ্ঘায়ু কামনা কৰি এইমচ ক্ষেত্ৰত বৃক্ষ ৰোপন কৰে । আজি বিজেপি দলৰ এই কাৰ্যসূচীত দলৰ জেষ্ঠ কৰ্মী মদন ডেকা, বেজেৰা মণ্ডল বিজেপি সভাপতি অৰুণ বড়ো, এম আৰ অ হিৰেণ মেধি, বেজেৰা মণ্ডল যুৱ মৰ্চাৰ সভাপতি মাধৱ বড়া, বেজেৰা মণ্ডল মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা মুন দাসৰ লগতে যঠেষ্ট সংখ্যক দলীয় নেতা কৰ্মীয়ে এই অনুষ্ঠানত ভাগ লয়। ইপিনে উত্তৰ গুৱাহাটীটো প্ৰধানমন্ত্ৰীগৰকীৰ জন্মদিন উপলক্ষে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত ভাৰতৰ সাম্প্ৰতিক নৰেন্দ্ৰ মোদী ৬৯ তম জন্ম দিৱস পালন কৰা হয়। পুৱা নিকেতন প্ৰাংগণত এজোপা গছ ৰোপণ কৰে প্ৰধান আচাৰ্য উৎপল তালুকদাৰে। সহযোগ কৰে পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী আৰু উত্তৰ গুৱাহাটী পৰিৱেশ সুৰক্ষা সমিতিৰ কুলেন বড়োয়ে। ছাত্ৰ-ছাত্ৰী সকলৰ মাজত গছপুলি বিতৰণ কৰে আচাৰ্য-আচাৰ্যা সকলে। ইয়াৰ পিছত আয়োজন কৰা সভাত বক্তব্য প্ৰদান কৰে প্ৰধানাচাৰ্য উৎপল তালুকদাৰ , মুকুটেশ্বৰ গোস্বামী আৰু কুলেন বড়োৱে । সভাত উপস্থিত জনতাই প্ৰধানমন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্বতে ভাৰতবৰ্ষই শীঘ্ৰেই বিশ্ব গুৰু স্হান লাভ দখল কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *