Saturday , January 18 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / চাওমিয়ে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম পূৰ্ণতা অপাৰেচন মুকলি কৰে

চাওমিয়ে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম পূৰ্ণতা অপাৰেচন মুকলি কৰে

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,১৮ জুন।।। ভাৰতৰ এক নম্বৰ স্মাৰ্টফোন আৰু টি. ভি ব্ৰাণ্ড চাওমিয়ে মঙলবাৰে মুকলি কৰে তেওঁলোকৰ প্ৰথম পূৰ্ণতা কেন্দ্ৰ। গ্ৰাহকক দ্ৰুত সৰবৰাহ নিশ্চয় কৰা, সমগ্র উত্তৰ- পূৰ্বাঞ্চলত বিতৰণ আৰু লজিষ্টিক অপাৰেচন সমূহৰ বাবে এই ফুলফিলমেণ্ট চেণ্টাৰ(অফ চি) মুকলি কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাহকৰ বাবে বিশেষকৈ এই পদক্ষেপ লোৱা হৈছে।এক ৩০,০০০ বৰ্গফুট বহল সুবিধাযুক্ত চাওমিৰ পূৰ্ণতা কেন্দ্ৰ কামৰূপ মেট্ৰোত অৱস্থিত, য’ত চাওমিৰ সকলো উদ্ভাৱনী পন্যসমূহ খুব সোনকালে গ্ৰাহকৰ ওচৰত উপলব্ধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰসাৰিত কৰিব। এই সন্দৰ্ভত মুৰালিকৃষ্ণণ বি, চীফ অপাৰেটিং অফিচাৰ, চাওমি ইণ্ডিয়াই কয়,” গুৱাহাটীত এই পূৰ্ণতা কেন্দ্ৰ আৰম্ভ কৰা বাবে আমি আনন্দিত। পূৰ্বতে আমি উত্তৰ-পূৱৰ গ্ৰাহকৰ পৰা, এম. আই.অনুৰাগীৰ পৰা যি ভালপোৱা আৰু আদৰ পাইছোঁ আমি আশা কৰিছোঁ পূৰ্ণতা কেন্দ্ৰই আমাৰ সেৱাসমূহ অধিক দ্ৰুত কৰিব আৰু উত্তৰ- পূৰ্বাঞ্চলৰ আমাৰ অৱস্থিতি অধিক শক্তিশালী কৰি তুলিব য’ত ইতিমধ্যে আমাৰ ৩৫০ খনৰ বেছি খুচুৰা বিপণী আছে আৰু ৫৫ ৰ বেছি সেৱা কেন্দ্ৰ আছে”। উল্লেখযোগ্য যে, চাওমিৰ ৮৫ ৰ বেছি ষ্টোৰ আছে তাৰ ভিতৰত ২ খন অন্যান্য এলেকাত যেনে মোৰেহ আৰু মণিপুৰ। ৫৫ ৰো অধিক সেৱা কেন্দ্ৰ দৰং, অসম, ভূটান আন্তৰ্জাতিক সীমান্ত কৰিমগজ, ত্ৰিপুৰা, বাংলাদেশ সীমান্তত অৱস্থিত।

About Staff Reporter

চাব পাৰে

ভাৰতীয় গ্ৰাহকক পুৰস্কাৰ প্ৰাপ্ত তথ্যগত মনোৰঞ্জন প্ৰদানৰ বাবে কিশোৰ এয়াৰটেলৰ সহযোগিতা স্থাপন

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : ভাৰতী এয়াৰটেলে ভাৰতীয় গ্ৰাহকক মনোৰঞ্জন প্ৰদানৰ বাবে বুধবাৰে পুৰস্কাৰ প্ৰাপ্ত …

Leave a Reply

Your email address will not be published. Required fields are marked *