Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / চাবুৱা জেৰাইত অইল ইণ্ডিয়া গ্ৰাম্য ক্ৰীড়া সমাৰোহ

চাবুৱা জেৰাইত অইল ইণ্ডিয়া গ্ৰাম্য ক্ৰীড়া সমাৰোহ

চাবুৱা জেৰাইত অইল ইণ্ডিয়া গ্ৰাম্য ক্ৰীড়া সমাৰোহ

চাবুৱাঃ ৮ নৱেম্বৰঃ অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সৌজন্যত আৰু জেৰাই ইয়ং ষ্টাৰ ক্লাৱৰ উদ্যোগত জেৰাই খৰুৱা পথাৰ খেলপথাৰত যোৱা ৩১ অক্টোবৰ ২০১৯ আৰু ১ নবেম্বৰ ২০১৯ তাৰিখে দুদিনীয়া কাৰ্য্যসূচীৰে এখনি গ্ৰাম্য ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈ যায়। উক্ত কাৰ্যসূচীত মাৰাথান দৌৰ, ১০০ মিঃ, ২০০ মিঃ, ৪০০ মিঃ, ১০০০ মিঃ, জেবলিন, দিচকাচ, চট ফুট আদি অনুষ্ঠিত হয় লগতে তিনিচুকীয়া আৰু চাবুৱা বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। উক্ত কাৰ্যসূচীৰ বটাঁ বিতৰণী সভাত দুলীয়াজানৰ প্ৰাঞ্জল কেওত আৰু বিজয় খনিকৰ উপস্থিত থাকে লগতে জেৰাই ইয়ং ষ্টাৰ ক্লাবৰ তৰফৰ পৰা দুলীয়াজান অইল ইণ্ডিয়া লৈ শলাগৰ শৰাই আগবঢ়ায় বুলি জানিবলে দিয়ে।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *