Monday , January 20 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া ৩৫০ টকা মজুৰি বৃদ্ধিৰ দাবী

চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া ৩৫০ টকা মজুৰি বৃদ্ধিৰ দাবী

চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া ৩৫০ টকা মজুৰি বৃদ্ধিৰ দাবী

গুৱাহাটীৰ প্ৰতিবেদক, ৬জুলাই,,চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া ৩৫০ টকা মজুৰি বৃদ্ধিৰ দাবীৰ প্ৰতি তীব্ৰ ভেঙুচালি কৰি অসম চৰকাৰে মাত্ৰ ৩০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তক চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিছে আৰু এই সিদ্ধান্তক চাহ কোম্পানীৰ ওচৰত বিজেপি চৰকাৰখনৰ সম্পূৰ্ণ আত্মসমৰ্পন বুলি অভিহিত কৰিছে ।
শ্ৰমিকৰ হৈ দৃঢ়ভাবে মাত মাতি অহা কমিউনিষ্ট সংগঠন দুটাক উপদেষ্টা বৰ্ডৰ পৰা বাদ দিয়েই চৰকাৰখনে চাহ কোম্পানীক সন্তুষ্ট কৰাৰ বাৰ্তা প্ৰেৰণ কৰিছিল আৰু তাৰ পাছত চাহ শ্ৰমিকক আভুৱাভাৰিবলৈ বৈঠকৰ নাটক পাতি দিনবোৰ চোঁচোৰাই আছিল । বিজেপি চৰকাৰখনক এখন ৪২০ চৰকাৰ আখ্যা দি যৌথ সংগ্ৰাম সমিতিয়ে সকিয়াই দিয়ে যে এই সিদ্ধান্ত প্ৰত্যহাৰ কৰি ৩৫০ টকা ঘোষণা নকৰিলে চৰকাৰখন ভয়ংকৰ পৰিস্থিতিৰ মুখামুখী হ’ব বুলি
চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতি,
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,
অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ,
অখিল ভাৰতীয় চাহ মজদুৰ সংঘ,
অসম মজুৰি শ্ৰমিক ইউনিয়ন,
চাহ মুক্তি সংগ্ৰাম সমিতি,
অসম মজদুৰ ইউনিয়ন,
সদৌ অসম আদিবাসী মহিলা সমিতি,
আসাম টি লেবাৰ ইউনিয়নৰ মুখ্য আহ্বায়ক বিবেক দাসে জনাইছে।

About Staff Reporter

চাব পাৰে

মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ-২০২০ আৰম্ভ

মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ-২০২০ আৰম্ভ গুৱাহাটী, ১৯ জানুৱাৰীঃ সৰুসজাইত আজিৰে পৰা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ-২০২০। …

Leave a Reply

Your email address will not be published. Required fields are marked *