ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অন্তৰ্গত চিচিবৰগাঁও আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আজি পুনৰ গঠন কৰা হয় । সভাত সভাপতিত্ব কৰে চিচিবৰগাঁও আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মিন্টু ভূঞাঁই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ সংগঠনটোৰ ভাৰপ্ৰাপ্ত সম্পাদক জ্যোতিপ্ৰসাদ চুতীয়াই । সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞাঁৰ উপস্থিতিত অধ্যয়ন দায়বদ্ধতা সংগ্ৰামক আদৰ্শ হিচাপে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ লগতে বৃহৎ নদী বান্ধৰ ভাঙি দিয়া সংকল্পৰে আজি চিচিবৰগাঁও মহাবিদ্যালয় বাকৰিত অনুষ্ঠিত হোৱা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চিচিবৰগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সভাত মিন্টু ভূঞাঁ সভাপতি , বাবু চুতীয়া আৰু বেবী ভূঞাঁক কাৰ্যকৰী সভাপতি , হিৰকজ্যোতি শইকীয়া ভৰৈৱ চুতীয়া আৰু মুন্দিপ লাহন উপ সভাপতি , জ্যোতিপ্ৰসাদ চুতীয়া আৰু পাপু ভূঞাঁ সম্পাদকদ্বয় হিচাপে লৈ ৪৫ জনীয়া এখন শক্তিশালী সমিতিৰ গঠন কৰা হয় ।
(চিচি বৰ গাঁও পৰা সমুজ্জ্বল শইকীয়া)