Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / চিৰাং জিলাৰ ৩ নং গৰাইমাৰীত নিশা ঘৰৰ পৰা মাতি নি কিশোৰীক হত্যা কৰিলে ঘাতকে

চিৰাং জিলাৰ ৩ নং গৰাইমাৰীত নিশা ঘৰৰ পৰা মাতি নি কিশোৰীক হত্যা কৰিলে ঘাতকে

চিৰাং জিলাৰ ৩ নং গৰাইমাৰীত নিশা ঘৰৰ পৰা মাতি নি কিশোৰীক হত্যা কৰিলে ঘাতকে

বঙাইগাঁওঃ ১৬ ছেপ্তেম্বৰঃ চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ৩ নং গৰাইমাৰীত এগৰাকী কিশোৰীক দেওবাৰে মাজ নিশা গোপনে ঘৰৰ বাহিৰলৈ মাতি নি ঘাতকে হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই সন্দৰ্ভত মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে জানিব দিয়া মতে কিশোৰীগৰাকীয়ে নিশা স্থানীয় যুৱক এজনৰ সৈতে মোবাইলত কথা পাতি আছিল ৷ পৰৱৰ্তী সময়ত গোপনে ঘৰৰ পৰা ওলাই যোৱা কিশোৰীগৰাকী উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ আৰম্ভ কৰে ৷ পিছত পুৱা কিশোৰীগৰাকীৰ মৃতদেহ নিজ ঘৰৰ পৰা কিছু নিলগত উদ্ধাৰ হয় ৷ মৃতদেহৰ অৱস্থিতি লৈ চাই কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় যুৱক এজনৰ সৈতে কিশোৰীগৰকীৰ আদালতত বিবাহ কাৰ্য সম্পন্ন হৈছিল ৷ কিন্তু আনুষ্ঠানিকভাৱে বিবাহ কৰাই নিয়াৰ বাবে যুৱকজনে পৰিয়ালটোৰ পৰা ত্ৰিশ হাজাৰ টকা দাবী কৰিছিল যদিও এই ধন আদায় দিবলৈ অপাৰগতা প্ৰকাশ কৰিছিল পৰিয়ালটোৱে ৷ ইয়াৰ পিছতে যুৱকজনে কিশোৰীগৰাকীক মাজ নিশা নিৰ্জন স্থানলৈ মাতিছিল যদিও পৰিয়ালৰ লোকে এই কথা অৱগত হৈ বাধা প্ৰদান কৰিছিল ৷ দেওবাৰে নিশাও পিতৃৰ মোবাইলটোৰে যুৱকজনৰে কথা পাতি থকা অৱস্থাতে অন্তৰ্ধ্যান হৈ পৰাৰ ফলত সমগ্ৰ হত্যাকাণ্ডৰ আৰত যুৱকজনৰে হাত থকা বুলি পৰিয়ালটোৱে অভিযোগ কৰিছে ৷ মৃত কিশোৰী গৰাকীৰ নাম মুছলেমা খাতুন (১৭)। পিচত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বিজনী মহকুমাৰ মহকুমাধিপতি প্ৰকাশ মেধী আৰু পাণবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইপিনে এই অমানৱীয় হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিক কৰায়ত্ত কৰাৰ লগতে পুনৰাই যাতে এই অঞ্চলত কোনো ব্যক্তিয়ে এনেকুৱা ঘটনা সংঘটিত কৰিবলৈ সাহস কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসনক দোষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজ তথা এবিএমছুৰ চিৰাং জিলা সমিতিয়ে প্ৰশাসনক দাবী জনাইছে ৷ উল্লেখ্য যে এই ঘটনাই অঞ্চলবাসীৰ মাজত শোকৰ ছাঁ পেলোৱাৰ লগতে প্ৰতিবাদ মুখৰ হৈ পৰিছে ৰাইজ ৷ যিকোনো প্ৰকাৰে হলেও দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে বুলিও ৰাইজে দাবী উত্থাপন কৰিছে ৷

About Staff Reporter

চাব পাৰে

ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান

*ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান* প্ৰতিবেদক,ৰঙিয়া …

Leave a Reply

Your email address will not be published. Required fields are marked *