Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / চিৰাঙত মাৰণাস্ত্ৰসহ এন ডি এফ বি আটক

চিৰাঙত মাৰণাস্ত্ৰসহ এন ডি এফ বি আটক

চিৰাঙত মাৰণাস্ত্ৰসহ এন ডি এফ বি আটক

বঙাইগাঁওঃ ৮ নৱেম্বৰঃ বিটিএডিৰ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকাৰ পৰা সেনা আৰক্ষীৰ সফল অভিযানত মাৰণাস্ত্ৰসহ এজন দুৰ্ধৰ্ষ এন ডি এফ বি কেডাৰ অভিযানকাৰী দলটোৰ জালত পৰিছে । প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা আৰক্ষী আৰু এছ এছ বিৰ যুটীয়া অভিযানত জিলাখনৰ আমগুৰি থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী শুকান টাকলাইৰ পৰা ফিলিমন নাৰ্জাৰী নামৰ দুৰ্ধৰ্ষ এন ডি এফ বি (এছ)ৰ সদস্যজনক মাৰণাস্ত্ৰ সহ আটক কৰিবলৈ সক্ষম হয় । অভিযানকাৰী দলটোৱে ধৃত সদস্যজনৰ পৰা এটা পিষ্টল আৰু দুটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অধিক তথ্যৰ বাবে ধৃত এন ডি এফ বি সদস্য জনক আৰক্ষীয়ে জেৰা অব্যাহৰ ৰাখিছে ।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *