Monday , January 20 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / চিৰাঙৰ বিজনীত অবৈধ বিলাতী সুৰা জব্দ

চিৰাঙৰ বিজনীত অবৈধ বিলাতী সুৰা জব্দ

চিৰাঙৰ বিজনীত অবৈধ বিলাতী সুৰা জব্দ

বঙাইগাঁওঃ ১২ আগষ্টঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত আনন্দ বজাৰত দেওবাৰে নিশা বিজনী আৰক্ষীয়ে এক অভিযান চলায় । এই অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰে ৷ জানিব পৰা মতে বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত বিজনী আৰক্ষীৰ দলটিয়ে আনন্দ বজাৰৰ সুজিৎ দাসৰ গেলামালৰ দোকানত চলোৱা অভিযানত এই অবৈধ সুৰাখিনি জব্দ হয় । আৰক্ষীয়ে দোকানখনৰ পৰা ৫৬ কাৰ্টন অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে দোকানখনৰ স্বত্বাধিকাৰী তথা অবৈধ সুৰা ব্যৱসায়ী সুজিৎ দাস পলাই সাৰিবলৈ সক্ষম হয়। জব্দকৃত সুৰাখিনিৰ মূল্য ডেৰ লক্ষাধিক টকা হ’ব। আৰক্ষীয়ে পিছত জব্দকৃত সুৰাখিনি বিজনী থানালৈ লৈ আহে। উল্লেখ্য যে দোকানখনৰ স্বত্বাধিকাৰী সুজিৎ দাসে দীৰ্ঘদিনৰে পৰা নিজৰ গেলামাল দোকানত বিলিতী সুৰাৰ অবৈধ বেহা চলাই আহিছিল । সম্প্ৰতি সুজিৎ দাস পলাতক অৱস্থাত আছে।

About Staff Reporter

চাব পাৰে

মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ-২০২০ আৰম্ভ

মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ-২০২০ আৰম্ভ গুৱাহাটী, ১৯ জানুৱাৰীঃ সৰুসজাইত আজিৰে পৰা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ-২০২০। …

Leave a Reply

Your email address will not be published. Required fields are marked *