Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / চিৰাঙৰ বিজনীত ড্ৰাগছসহ এজন সৰবৰাহকাৰী আটক

চিৰাঙৰ বিজনীত ড্ৰাগছসহ এজন সৰবৰাহকাৰী আটক

চিৰাঙৰ বিজনীত ড্ৰাগছসহ এজন সৰবৰাহকাৰী আটক

বঙাইগাঁওঃ১৬ ছেপ্টেন্বৰঃ চিৰাং জিলাৰ বিজনী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে নিশা প্ৰায় ৮ বজাত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷ বিজনীৰ পাইকাৰী শাক-পাচলি বজাৰৰ সমীপত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীজন বিজনীৰ কাৱাটিকাৰ দতুৰীৰ বিপ্লৱ দাস(২২) বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰী জনৰ পৰা আৰক্ষীয়ে ১.৬৫০ গ্ৰাম ড্ৰাগছ, ৯ টা কন্টেইনাৰ, এটা মোবাইল হেণ্ডছেট, এখন ষ্টেট বেংকৰ এ টি এম কাৰ্ড , কিছু নগদ ধন আৰু বিজনীৰ নৱৰত্ন একাডেমীৰ পুৰণি পৰিচয় পত্ৰ উদ্ধাৰ কৰে । জানিব পৰা মতে বিজনীৰ দুতুৰিৰ পৰা বিপ্লৱ দাসে ড্ৰাগছ বেচিবলৈ আহি আৰক্ষীৰ জালত পৰে ।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *