Thursday , April 2 2020
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / চীনত ঘাতক কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত লোকৰ সংখ্যা ৮১১জনলৈ বৃদ্ধি

চীনত ঘাতক কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত লোকৰ সংখ্যা ৮১১জনলৈ বৃদ্ধি

 

ষ্টাফৰিপোৰ্টাৰ, ৯ ফেব্ৰুৱাৰী : চীনত ঘাতক কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত লোকৰ সংখ্যা ৮১১জনলৈ বৃদ্ধি পাইছে। এই ভাইৰাছত আক্ৰান্ত হৈছে ৩৭ হাজাৰৰো অধিক লোক। ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে দেওবাৰে কয় যে শনিবাৰে এই ভাইৰাছত আক্ৰান্ত হৈ ৮৯জন লোকৰ মৃত্যু হোৱাৰ লগতে ২,৬৫৬জন নতুনকৈ আক্ৰান্ত হৈছে। আয়োগৰ মতে, এতিয়ালৈকে ৮১১জন লোকৰ মৃত্যু হোৱাৰ উপৰি ৩৭,১৯৮জন আক্ৰান্ত হৈছে এই ভয়ংকৰ ভাইৰাছত।
দেশখনৰ চৰকাৰী সংবাদ সংস্থা ‘শিনহুৱা’ৰ এক খবৰ অনুসৰি, শনিবাৰে ৬০০ লোকক চিকিৎসাৰ অন্তত হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছে, ইয়াৰ ভিতৰত আছে হুবেই অঞ্চলৰ ৩২৪জন লোক।

About Staff Reporter

চাব পাৰে

১৬ মাৰ্চৰ ২০২০ৰ পৰা সমগ্ৰ দেশতে এ টি এম কাৰ্ডেৰে ধন উলিওৱাৰ নিয়ম সলনি হ’ব

  ষ্টাফৰিপোৰ্টাৰ, ১২ ফেব্ৰুৱাৰী : ১৬ মাৰ্চৰ ২০২০ৰ পৰা সমগ্ৰ দেশতে এ টি এম কাৰ্ডেৰে …

Leave a Reply

Your email address will not be published. Required fields are marked *