Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / চৰকাৰৰ মহান পদক্ষেপত উৎফুল্লিত সদৌ অসম স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী শিক্ষক সন্থা

চৰকাৰৰ মহান পদক্ষেপত উৎফুল্লিত সদৌ অসম স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী শিক্ষক সন্থা

ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণঃ চৰকাৰৰ মহান পদক্ষেপত উৎফুল্লিত সদৌ অসম স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী শিক্ষক সন্থা

———–

বছৰ বছৰ ধৰি প্ৰাপ্য সা-সুবিধাৰ পৰা বঞ্চিত ৰাজ্য খনৰ হেজাৰ হেজাৰ ভেঞ্চাৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক (মধ্য ইংৰাজী) বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ মুখলৈ অৱশেষত হাঁহিৰ ৰেখা উভতি অহাৰ পথত ৷ ৰাজ্য চৰকাৰৰ অসম বিদ্যালয় শিক্ষা আইন ২০১৭ৰ সংশোধনী প্ৰস্তাৱে এই সকল বঞ্চিত শিক্ষক কৰ্মচাৰীৰ মৰহা জীৱনত আশাৰ সঞ্চাৰ কৰিছে ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ চলিত শীকালীন অধিবেশনত উত্থাপন কৰা মুঠ পাঁচ খন সংশোধনী বিধেয়কৰ ভিতৰত শিক্ষা বিভাগৰ বিধেয়ক এখনো আছে ৷ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠান পুণঃগঠন আইন ২০১৭ৰ সংশোধনী ২০১৮ খনক ২০১৯ত পুণঃ সংশোধন কৰি নতুন বহ কেইটা দফা সন্নিৱিষ্ট কৰি এইবেলি শীতকালীন অধিবেশনত অসম বিদ্যলয়  শিক্ষা আইন ২০১৯ গৃহীত কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে চৰকাৰে ৷ এই আইন গৃহীত হোৱাৰ লগে লগে ১/১/২০১৬ ৰ আগৰ বাকী ৰৈ যোৱা সকলো প্ৰাদেশিকৃত তথা ভেঞ্চাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত ভেঞ্চাৰ শিক্ষক কৰ্দচাৰী সকলৰ চাকৰি নিয়মীয়া হৈ পৰিব ৷ চৰকাৰে ইতিমধ্যে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ চাকৰি নিয়মীয়া কৰণৰ বাবে মুঠ ৪৩ কোটি ৯১ লাখ ৩৪ হেজাৰ টকা আবন্টন দিয়াৰ বিপৰীতে পৰিপূৰক ঘাটি মঞ্জুৰি শিতানত শিক্ষানুষ্ঠান সমূহ পুণঃ নিৰ্মানৰ বাবে ২৫ কোটি টকা ধাৰ্য কৰিছে ৷ উল্লেখ্য যে ৰাজ্য খনত বৰ্তমানলৈ ২৬৯৫ খন ভেঞ্চাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত ৫৫৫৬ গৰাকী আৰু প্ৰাদেশীকৃত ২২৯৮ খন উচ্চ প্ৰাথমিক বিদ্যালয়ত ৭৮০৬ গৰাকীক ধৰি মুঠ ১৩৩৬২ গৰাকী শিক্ষক কৰ্মচাৰীয়ে ভেঞ্চাৰ পদত কাৰ্যনিৰ্বাহ কৰি আছে ৷ নতুন শিক্ষা আইনে এই সকল শিক্ষক কৰ্মচাৰীৰ জীৱনলৈ আমুল পৰিবৰ্তন ঘটাবলৈ আগবাঢ়িছে ৷ চৰকাৰৰ এই সুন্দৰ প্ৰচেষ্টাক ধন্যবাদ সহকাৰে আদৰণি জনাইছে সদৌ অসম স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী শিক্ষক  সন্থাই ৷ সন্থাৰ সভাপতি নাৰায়ন বৰা আৰু সম্পাদক মনোহৰ হুছেইনে চৰকাৰ, মুখ্যমন্ত্ৰী,বিত্ত বিভাগ তথা শিক্ষা বিভাগক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই ফলপ্ৰসূ পদক্ষেপত সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়োৱা প্ৰাথমিক শিক্ষা সচিব বন্দনা দত্ত তামলীকো সন্থাৰ তৰপৰ পৰা আদৰণি জনাইছে ৷ লগতে সন্থাই শিক্ষা বিভাগে প্ৰতিখন মাদ্ৰাছা আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা কৰ্তন কৰা আৰবী আৰু হিন্দী শিক্ষকৰ পদ সমূহো বাহাল ৰাখিবলৈ বিনম্ৰ আহ্বান জনাইছেে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *