Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / চৰাইদেউ নিৰ্বাচনী জিলাত নিৰ্বাচনী ব্যয় পঞ্জীৰ পৰীক্ষণ সম্পন্ন

চৰাইদেউ নিৰ্বাচনী জিলাত নিৰ্বাচনী ব্যয় পঞ্জীৰ পৰীক্ষণ সম্পন্ন

চৰাইদেউ নিৰ্বাচনী জিলাত নিৰ্বাচনী ব্যয় পঞ্জীৰ পৰীক্ষণ সম্পন্ন।
ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা,১২ অক্টোবৰ
অহা ২১ অক্টোবৰ তাৰিখে অনুস্থিত হ’বলগীয়া অসম বিধানসভাৰ ১০৬ নং সোণাৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ব্যয় পঞ্জীসমূহৰ পৰীক্ষণ আজি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত নিৰ্বাচনী ব্যয় পৰ্য্যবেক্ষক টি পি চেলিম কুমাৰৰ উপস্থিতিত সম্পন্ন হয়।
নিৰ্বাচনী ব্যয় পৰ্য্যবেক্ষক টি পি চেলিম কুমাৰৰ লগতে এই পৰীক্ষণ কাৰ্য্যসূচীত উপস্থিত থাকে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ বৰা; নিৰ্বাচনী বিষয়া সুলক্ষনা বৰপাত্ৰ গোহাঁই; কোষাগাৰ বিষয়া সুশীলা আহোম; জিলা প্ৰকল্প বিষয়া বিজয়লক্ষ্মী গগৈ; হস্ততাঁ‌ত আৰু বস্ত্ৰ বিভাগৰ অধীক্ষক ফকৰুদ্দীন আহমেদ; জনসংযোগ বিষয়া জয়ন্ত মাউত; খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সত্যজিত কৰ আদিকে ধৰি নিৰ্বাচনী ব্যয় নিৰীক্ষণ কোষৰ অন্যান্য বিষয়া সকল।
তাৰোপৰি আজিৰ পৰীক্ষণ কাৰ্য্যসূচীত ভাৰতীয় জনতা পাৰ্টী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্বাচনী এজেণ্ট সকলেও অংশগ্ৰহণ কৰে।
সভাৰ শেষত চৰাইদেউ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী ব্যয় পৰ্য্যবেক্ষক টি পি চেলিম কুমাৰে আগন্তক অসম বিধানসভাৰ ১০৬ নং সোণাৰি বিধান সভা সমষ্টিত মুক্ত; নিকা আৰু শান্তি পূৰ্ণভাৱে উপ নিৰ্বাচন অনুস্থিত কৰাত সংশ্লিষ্ট সকলো পক্ষৰ সহযোগিতা কামনা কৰে।
মুনীন্দ্ৰ নাথ শইকীয়া

About Staff Reporter

চাব পাৰে

ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান

*ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান* প্ৰতিবেদক,ৰঙিয়া …

Leave a Reply

Your email address will not be published. Required fields are marked *