Thursday , November 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা

ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা

#ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৪ অক্টোবৰ: মুক্তিৰ পূৰ্ৱেই অসমৰ শদিয়াৰপৰা ধুবুৰীলৈ খলকনিৰ সৃষ্টি কৰা জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গৰ পৰিচালনাত নিৰ্মাণ হোৱা কাঞ্চনজংঘা চলচিত্ৰখন অাজি জামুগুৰিহাটত প্ৰদৰ্শিত হ’ব৷জামুগুৰিহাটৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠণ “সুবিধা”ৰ উদ্যোগত জামুগুৰিহাটৰ বাপুজি ভৱনত প্ৰজেক্টৰৰ দ্বাৰা মুক্তিৰ পূৰ্ৱেই জনপ্ৰিয়তাৰ শীৰ্ষত থকা চলচিত্ৰখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে৷বে-চৰকাৰী সংস্থা “সুবিধা”ৰ সভাপতি প্ৰদ্যুন্ন হাজৰিকা আৰু সম্পাদক অপূৰ্ৱ ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে বাপুজি ভৱন প্ৰেক্ষাগৃহত বিয়লি ৫ বজাত প্ৰথম দৰ্শনি প্ৰদৰ্শিত হোৱাৰ পিছত নিশা ৮ বজাত দ্বিতীয় প্ৰদৰ্শনি দেখুওৱা হ’ব৷এসময়ত অসমীয়া চলচিত্ৰ চাবলৈ পৰুৱাৰ দৰে লানি নিচিগা সোঁত বোৱা জামুগুৰিহাটত দুই দশকৰো পূৰ্ৱে ব্যৱসায়িক কেন্দ্ৰস্থলটোৰ মাজমজিয়াত থকা “শ্ৰী মন্ত টকিজ” নামৰ ছবিগৃহটি বন্ধ হৈ পৰাৰ পাছত ছবিগৃহৰ ভিতৰত চিনেমা চোৱাৰ পৰা বঞ্চিত হ’বলগা হয় বৃহত্তৰ জামুগুৰিবাসী ৰাইজ৷অৱশ্যে পৰৱৰ্তী সময়ত অসমীয়া ছবিৰ দুখলগা অৱস্থায়ো জামুগুৰিবাসী ৰাইজক নিৰাশ কৰিছিল৷শেহতীয়াভাৱে অসমীয়া ছবিলৈ সহণালী দিন উভতি অহাৰ সময়ত কেবাখনো মুক্তিপ্ৰাপ্ত জনপ্ৰিয় ছবি উআভোগ কৰাৰপৰা বঞ্চিত হয় জামুগুৰিবাসী ৰাইজ৷ইফালে জামুগুৰিহাটৰ পৰা ২৫ কি:মি: নিলগত থকা বিশ্বনাথ চহৰৰ মাজমজিয়াত থকা দুটাকৈ বৃহৎ ছবিগৃহও বন্ধ হৈ পৰাত ছলচিত্ৰপ্ৰেমী ৰাইজ বাৰুকৈ হতাশ হৈ পৰিছিল৷অৱশ্যে জামুগুৰিহাটৰপৰা ৫২ কি:মি: দুৰৈত থকা তেজপুৰ চহৰৰ ছবিগৃহ কেইটাত সকলোৰে বাবে গৈ চলচিত্ৰ চোৱাটো সম্ভৱপৰ নহয়৷যাৰবাবে অনাগত দিনত কেবাখনো জনপ্ৰিয় ছবি চোৱাৰপৰা বঞ্চিত হ’বলগা হয় গৰিষ্ঠসংখ্যক বৃহত্তৰ জামুগুৰিবাসী ৰাইজ৷ছলচিত্ৰ গৃহৰ অভাৱে নিৰাশ কৰি পেলোৱাৰ সময়তে জুৱিন গাৰ্গৰ পৰিচালনাত মুক্তি লাভ কৰা বিগ বাজেটৰ ছবি “কাঞ্চনজংঘা” এইদৰে জামুগুৰিহাটৰ বাপুজি ভৱনত প্ৰজেক্টৰৰ দ্বাৰা প্ৰদৰ্শিত কৰিবলৈ লোৱা ব্যৱস্থাই অসমীয়া ছলচিত্ৰ প্ৰেমী ৰাইজক আনন্দিত কৰি তুলিছে৷
জোন বৰা,জামুগুৰিহাট।

About Staff Reporter

চাব পাৰে

সৰ্ব হিন্দুস্তানী মহিলা পৰিষদ গঠন

  ষ্টাফৰিপৰ্টাৰ ২০ নৱেম্বৰ : সৰ্ব হিন্দুস্তানী যুৱ পৰিষদ অসমৰ এখন সভা দেওবাৰে বৰপেটা ৰোডৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *