Wednesday , January 29 2020
Home / আঞ্চলিক / ছহিদ কুশল  ত্যাগক সোঁৱৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ছহিদ কুশল  ত্যাগক সোঁৱৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

 

গোলাঘাটঃ দেশৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী যোদ্ধা তথা শ্বহীদ কুশল কোঁৱৰৰ গৃহভূমি সৰুপথাৰ আজি দিনজোৰা কায্যসূচীৰে তেঁওৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰা হয়। ধনশিৰি মহকুমা প্রশাসনৰ উদ্যোগত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ সহযোগত অনুষ্ঠিত কুশল কোৱঁৰৰ মৃত্যু তিথিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অংশগ্ৰহণ কৰে ।
ছহিদ জনৰ গৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কুশল কোৱঁৰৰ প্ৰতিমূৰ্তিত বন্তি জ্বলাই মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পিচতে কুশল কোঁৱৰৰ আত্মীয়ৰ সৈতে বহু সময় বাৰ্তালাপ কৰে। ইয়াতেই ছহিদজনৰ পৰিয়াল আৰু মুক্তি যুঁজাৰু সন্মিলনে প্ৰদান কৰা স্মাৰক পত্ৰ গ্ৰহন কৰে মূখ্যমন্ত্ৰীজনে। ইয়াৰ পিছতে সৰুপথাৰ ৰাজহুৱ খেলপথাৰত অনুষ্ঠিত মুকলি সভাত অংশ লয় মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্রীৰ লগত উপস্থিত থাকে কৃষি মন্ত্রী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া।

About Staff Reporter

চাব পাৰে

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *