Monday , February 17 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ছাত্ৰ-ছাত্ৰীৰ আসন বৃদ্ধিৰ দাবীত ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষক স্মাৰক পত্ৰ দাখিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ৰঙিয়া আছু গোট

ছাত্ৰ-ছাত্ৰীৰ আসন বৃদ্ধিৰ দাবীত ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষক স্মাৰক পত্ৰ দাখিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ৰঙিয়া আছু গোট

BREAKING NEWS :-

ছাত্ৰ-ছাত্ৰীৰ আসন বৃদ্ধিৰ দাবীত ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষক স্মাৰক পত্ৰ দাখিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ৰঙিয়া আছু গোট

ৰঙিয়াৰ পৰা তুলতুল আহমেদ ৰ ৰিপৰ্ট

ঐতিহাসিক ৰঙিয়া মহাবিদ্যালয়ৰ আজি অসমৰ বুকুত জাকত-জিলিকা এখন শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে । যাৰ ফলস্বৰূপে বিভিন্ন স্থানৰ পৰা ছাত্ৰ-ছাত্ৰী আগ্ৰহী হৈ এই মহাবিদ্যালয়ত নামভৰ্তি তথা শিক্ষা গ্ৰহণ কৰিবলৈ আহে যিটো মহাবিদ্যালয়ৰ বাবে অতি গৌৰৱৰ বিষয় । কিন্তু এটা দূখৰ বিষয় মহাবিদ্যালয়খনত কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা সীমিত আসনৰ বাবে ৰঙিয়াৰ বৃহৎ অঞ্চলৰ লগতে বিভিন্ন দূৰ-দূৰণিৰ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ পৰা বঞ্চিত হব লগা হৈছে । আৰু বহুতো ছাত্ৰ-ছাত্ৰীয়ে দুখ প্ৰকাশ কৰিছে আসন নাপায় । সেয়েহে ছাত্ৰ-ছাত্ৰী সকলৰ ভবিষ্যত তথা শিক্ষাৰ প্ৰতি আগ্ৰহী দেখি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰঙিয়া শাখাই আৰু ৰঙিয়া মহাবিদ্যালয় আছু গোটেই আজি ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাক্ষলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে আৰু লগতে দাবী জনাই যে আমাৰ এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি মহাবিদ্যালয়ৰ কলা-বিজ্ঞান-বাণিজ্য এই তিনিটা শাখাৰ আসনৰ পৰিসৰ বৃদ্ধিৰ বাবে অনুৰোধ কৰিলে অধ্যাক্ষলৈ
কলা-বিজ্ঞান-বাণিজ্য এই তিনিটা শাখাৰ আসনৰ পৰিসৰ বৃদ্ধি নকৰিলে অন্যথা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী গ্ৰ্হণ কৰিব বুলি দাবী জনাইছে

About Staff Reporter

চাব পাৰে

অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে অসমৰ যুৱকে জিনিলে ৰাষ্ট্ৰীয় পুৰস্কাৰ

  অসমৰ ভৃগু বৰঠাকুৰলৈ ৰটাৰী ইণ্ডিয়া হিউমেনিটী হিৰ’ এৱাৰ্ড ষ্টাফৰিপোৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী : ৰাজ্যখনৰ বিভিন্ন …

Leave a Reply

Your email address will not be published. Required fields are marked *