Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ছাফ’লালাইফ অধ্যয়নে ভাৰতৰ শীৰ্ষৰ চহৰসমূহত থকা ৬৪ শতাংশ মানুহক হৃদৰোগৰ বিপদশংকাত পেলোৱা জীৱনশৈলীৰ অভ্যাস সমূহক প্ৰতিফলিত কৰিলে

ছাফ’লালাইফ অধ্যয়নে ভাৰতৰ শীৰ্ষৰ চহৰসমূহত থকা ৬৪ শতাংশ মানুহক হৃদৰোগৰ বিপদশংকাত পেলোৱা জীৱনশৈলীৰ অভ্যাস সমূহক প্ৰতিফলিত কৰিলে

 

ষ্টাফ ৰিপোৰ্টাৰ,,১০ অক্টোবৰ।।।।বিশ্ব হৃদ দিৱসত ছাফ’লালাইফে ইয়াৰ অধ্যয়নৰ জৰিয়তে সাধাৰণতে উপেক্ষা কৰা জীৱনশৈলীত অভ্যাস আৰু সিহঁতৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ সৈতে সহ:সম্পৰ্কৰ বিষয়ে উল্লেখ কৰিছে। ভাৰতে ক্ৰমান্বয়ে স্বাস্থ্য সচেতনতাৰ দিশে আগবঢ়াৰ সময়তো হৃদসম্বন্ধীয় সজাগতা এতিয়াও সহজলভ্য নহয়। জীৱন শৈলীত আমি সকলোৱে সচৰাচৰতে উপেক্ষা কৰা সৰু সুৰা অভ্যাস আৰু আচৰণেই হৈছে আমাৰ হৃদযন্ত্ৰক বিপদ সংকুল কৰি তোলা কিছুমান কৰক। সেইবাবে হৃদৰোগৰ বিপদশংকাৰ কৰক এই জীৱশৈলীত অভ্যাস সমূহৰ বিষয়ে বিস্তৃত সজাগতা সৃষ্টি কৰাৰ বাবে ছাফ’লালাইফে আৰু নেইলছনে দিল্লী, মুম্বাই আৰু হাইদৰাবাদৰ দৰে চহৰৰ ১২২৬ গৰাকী প্রতিভাগীৰ মাজত এটা সমীক্ষা সম্পাদিত কৰে। এই অধ্যয়নটোৰ পৰা ওলোৱা আশ্চৰ্যজনক তথ্য কিছুমান মানসিক চাপ আৰু অপৰ্যাপ্ত টোপনিৰ থকা লোকসকলৰ মাজত বৰ্ধিত হৃদৰোগৰ বিপদাশংকাৰ আশে পাশে বিচৰণ কৰে।ছাফ’লালাইফে অধ্যয়ন অনুসৰি এই জীৱনশৈলীগত আচৰণ সমূহৰ এটা বা ততোধিক প্ৰদৰ্শন কৰা এই চহৰসমূহ মানুহৰ কথা বিবেচনা কৰিলে মুম্বাইকাৰ সকলে হৃদ ৰোগৰ আটাইতকৈ বেছি বিপদাশংকা প্ৰদৰ্শন কৰে আৰু তাৰ পিছতেই দিল্লী আৰু হাইদৰাবাদক ধৰা যায়। তদুপৰি এই তিনিখন চহৰ জুৰি ৩০-৪০ বছৰৰ ৫৭% মানসিক চাপত থকা মানুহ হৃদৰোগৰ উচ্চ বিপদশংকাত থকাৰ সময়তে ৪১-৫৫ বছৰৰ মানুহৰ মাজত এই সংখ্যা ৭১ শতাংশলৈ বৃদ্ধি পায়। আনহাতে, তিনিখন চহৰ জুৰি চাপত থকা বুলি দাবী কৰা ৮৪ শতাংশ বিপদাশংকাত আছে আৰু তেওঁলোকে দিনে ৭.৫ ঘন্টাতকৈ কম শোৱে। এই সন্দৰ্ভত ডাঃ শশাঙ্ক যোশী( এণ্ড্ৰ’ ক্ৰ’ নলজিষ্ট,) য়ে কয়-“এই অধ্যয়ন টোৱে উল্লেখ কৰে যে,৯০ শতাংশ মানুহে দিনে ৭.৫ ঘণ্টাতকৈ কম শোৱে আৰু হৃদৰোগৰ উচ্চ আকংশাত ভোগে। এই অধ্যয়নটো আমাৰ বাবে হৃদয়ৰ স্বাস্থ্যক বুজি পাই আমাৰ শৰীৰৰ সামগ্ৰিক সু- স্বাস্থ্য নিশ্চত কৰাৰ এক সতৰ্কবাণী হিচাপে পৰিগণিত হ’ব”। আনহাতে, পুষ্টিবিদ নীতি দেশায়ে কেনেকৈ এক সুস্থ জীৱনশৈলীৰ আৰু মানসিক চাপ হ্ৰাস কৰাৰ কিছু উপায়ৰ বিষয়ে আলোকপাত কৰে।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *