Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক নিৰণ ভূঞা বিদায় সম্বৰ্দ্ধনা সভা

ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক নিৰণ ভূঞা বিদায় সম্বৰ্দ্ধনা সভা

ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক নিৰণ ভূঞা বিদায় সম্বৰ্দ্ধনা সভ

,গহপুৰ ১৭ মাৰ্চ : গহপুৰ বুলি কলেই মনত পৰে কলা কৃষ্টি সাহিত্যৰ এখন বহল পথাৰ। এই ঐতিয্যমণ্ডিত গহপুৰৰ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ছয়দুৱাৰ মহাবিদ্যালয়ৰ সকলোৰে আদৰৰ নিৰণ ভূঞাই ৩০ নৱেম্বৰ ২০১৮ তাৰিখে চাকৰী জীৱনৰ পৰা চৰকাৰীভাৱে অৱসৰ গ্ৰহণ কৰে।ছয়দুৱাৰ মহাবিদ্যালয়ৰ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত ১৬ মাৰ্চ তাৰিখে অধ্যাপক নিৰণ ভূঞাৰ আনুষ্ঠানিক বিদায় সম্বৰ্দ্ধনা সভা অনুস্থিত কৰে। সভাখনত সভাপতিত্ব কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ অঞ্জন কুমাৰ ওজাই। সভাখন পৰিচালনা কৰে দীপক দাসে। সভাপতিৰ ভাষনত ড° অঞ্জন ওজাই নিৰণ ভূঞাৰ শিক্ষকতা জীৱনৰ কৰ্মৰাজিক শলাগ লয়।লগতে নিষ্ঠা আৰু সততাৰে শিক্ষকতা কৰা ভূঞা শিক্ষক এজনৰ সকলো গুণেৰে সমৃদ্ধ আছিল বুলি ব‍্যক্ত কৰে । উক্ত সভাত শিক্ষকগোট , কৰ্মচাৰী গোট আৰু ছাত্ৰ সংসদ তৰফৰ পৰা নিৰণ ভূঞাক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে নিজ কৰ্মৰ জৰিয়তে চিৰ উজ্বলিত নিয়ণ ভূঞা গহপুৰৰ প্ৰতিটো সাহিত্য সংস্কৃতি অনুষ্ঠানৰ লগত জড়িত। গহপুৰৰ অন্যতম সামাজিক মাধ্যম নিৰপেক্ষ গহপুৰৰ তৰফৰ পৰা পৰাশ শইকীয়া,হেমন্ত বৰুৱা, অভিজিত বৰাই অধ্যাপক জনক এখন গামোছা আৰু সম্বৰ্দ্ধনা পত্ৰৰে বিদায় সম্বৰ্দ্ধনা জনাই ।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *